Breaking News

সংগ্ৰামী নেতা জনৰ আদ্যশ্ৰাদ্ধ উপলক্ষে ফৰকাটিং চাহবাগিছাৰ বাসগৃহত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ডিজিটেল সংবাদ, ফৰকাটিং... কৃষক মুক্তি সংগ্ৰাম সমিতি  ফৰকাটিং আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক তথা বৰ্তমানৰ সাংগাঠনিক সম্পাদক বিশ্বজিৎ কৰ্মকাৰ যোৱা ৩ অক্টোৱৰত পেট বিষত আক্ৰান্ত হৈ যোৰহাট বৰুৱা চাৰ্জিকেলত আকাল মৃত্যুক সাৱতি লয়। সংগ্ৰামী নেতা জনৰ আদ্যশ্ৰাদ্ধ উপলক্ষে ফৰকাটিং চাহবাগিছাৰ বাসগৃহত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিশ্বজিৎৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে ফৰকাটিং গজানন্দ জালান বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক ধ্ৰুৱজ্যোতি চুতীয়াই, মাল্যপৰ্ণ কৰে ফৰকাটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰুবুল আলিয়ে। বিশ্বজিৎৰ কৰ্মীস্থলী গোলাঘাট আৰ ডি মটৰচ স্বতাধিকাৰী বিক্ৰম ঠাকুৰীয়া উপস্থিত থাকি পৰিয়ালটিক ২৫হাজাৰ টকা দি সহায় হাত আগবঢ়াই।অনুষ্ঠানটিত উপসিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাহ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি মুৰুলী তাঁতি,প্ৰাক্তন গোলাঘাট জিলা সভাপতি মৃনাল নাথ, গোলাঘাট জিলা চাহ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিৰেণ মুণ্ডা,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সাাৰণ সম্পাদক সুপ্ৰতিম ৰাজখোৱা,প্ৰগতিশীল মঞ্চৰ কেন্দ্ৰীয় সম্পাদক উৎপল শইকীয়া,আটছা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন বিষয়া মুৰুলী তাঁতি,সাংবাদিক পৰাগ বৰুৱা,পাৰ্থপ্ৰতিম শইকীয়া,হিল্লো শইকীয়াৰ স্বতাধিকাৰী বিক্ৰম শইকীয়া,শিক্ষক ৰাকেশ দুবে,দেৱজিৎ বৰাই  গোহাৰি প্ৰত্ৰ পাঠ কৰে।অনুষ্ঠানটি আঁত ধৰে কৃষক মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সদস্য সত্যব্ৰত শইকীয়াই। অনুষ্ঠানটিত ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।

No comments