Breaking News

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সংঘাতৰ অৱসান ঘটায় এক সুস্থিৰ পৰিবেশ ঘুৰাই অনাৰ ক্ষেত্ৰত আশাবাদী সচেতন মহল

 

ডিজিটেল সংবাদ,মেৰাপানী... গোলাঘাটৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সংঘাতৰ ওৰ পৰিব কেতিয়া ।অসহনীয় হৈছে ধৰ্মীয় সমাজ । সংঘাতৰ অৱসান ঘটায় এক সুস্থিৰ পৰিবেশ ঘুৰাই অনাৰ ক্ষেত্ৰত আশাবাদী সচেতন মহল ।আজি নতুনকৈ গঠন হোৱা পৰিচালনা সমিতিয়ে নামঘৰৰ দায়িত্ব ভাৰ গ্ৰহন কৰিবলৈ আহিছিল ,কিন্তু কৰ্ণধাৰ সমিতিয়ে কাৰ্য্যালয়ৰ তলাত লাহ লগোৱাত তলা খুলিব নোৱাৰাত নতুনকৈ গঠিত হোৱা পৰিচালনা সমিতিয়ে দায়িত্ব ভাৰ গ্ৰহন কৰিব নোৱাৰিলে ।অৱশেষত এই মাহৰ ২১তাৰিখে উচ্চ ন্যায়ালয়ে যি ৰায়দান দিব তাক দুয়োপক্ষ‌ই মানি লম বুলি সহমত প্ৰকাশ কৰে ।

No comments