Breaking News

নুমলীগড়ৰ সমীপৰ দুসুতিমুখত একাংশ উদণ্ড লোকে শনিবাৰে প্ৰায় আবেলিৰ সময়ত মৰিয়াই মৰিয়াই হত্যা কৰিলে এটা নাহৰফুটুকীক

 


ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ সমীপৰ দুসুতিমুখত একাংশ উদণ্ড লোকে শনিবাৰে প্ৰায় আবেলিৰ সময়ত মৰিয়াই মৰিয়াই হত্যা কৰিলে এটা নাহৰফুটুকীক । গোলাঘাট জিলাৰ দুসূতিমুখত শণিবাৰে আবেলি সময়ত একাংশ লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এটা নাহৰফুটুকীক। দেৰগাঁও বন সংমণ্ডলৰ অধীনস্থ অঞ্চলটো দিনৰ ভাগতে এটা প্ৰকাণ্ড নাহৰফুটুকীৰ আক্ৰমণত আহত হৈছিল অঞ্চলটোৰ লুহিত দলে আৰু বিতোপন দলে নামৰ যুৱক কেইজনক । পথাৰত গৰু বান্ধিবলৈ যাওঁতে বাঘৰ আক্ৰমণত দুজন যুৱক  গুৰুত্বভাৱে আহত হোৱা খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ সচেতন ৰাইজে বাঘ ওলোৱাৰ সন্দৰ্ভত বন বিভাগক খবৰ দিছিল যদিও দেৰগাঁও বন সংমণ্ডল কাৰ্যালয়ৰ বনকৰ্মী এটি দল উক্ত স্থানত উপস্থিত হৈছিল। বনকৰ্মী দলটোৱে বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত  বনবিভাগৰ বিৰুদ্ধে ক্ষুণ্ন হৈপৰিছিল একাংশ লোক ।ইয়াৰে একাংশ লোকে বন বিভাগৰ উপস্থিতে  নাহৰফুটুকীটো মাৰিবলৈ হাতে হাতে জোং  ষাঠী লৈ উন্মাদ হৈছিল । আনহাতে  জীৱিত অৱস্থাত এজোপা প্ৰকাণ্ড গছৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিছিল নাহৰফুটুকীটোৱে ।  পাছত বাঘটোৱে স্থানীয় তিনিজন লোকক আক্ৰমণ কৰাত একাংশ উদণ্ড লোকে বাঘটোক  মৰিয়াই মৰিয়াই হত্যা কৰিৰ লগতে বাঘটোৰ কিছু অংশ কাটি লৈ যায় । পাছত ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ বনবিভাগৰ সহযোগত মৃত বাঘটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে

No comments