Breaking News

প্ৰতিজন নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পন আৰু ৰাষ্ট্ৰৰ ঐক্য ,সংহতি গঢ়ি তোলাৰ এক প্ৰয়াস ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ।

 






ডিজিটেল সংবাদ ...প্ৰতিজন নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পন আৰু ৰাষ্ট্ৰৰ ঐক্য ,সংহতি গঢ়ি তোলাৰ এক প্ৰয়াস ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ।  ৰাষ্ট্ৰ নিৰ্মানৰ এই যাত্ৰাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অবদান অতুলনীয় । সংঘৰ পৰম্পৰা অনুযায়ী প্ৰতি বছৰে বিজয়া দশমীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই আয়োজন কৰি আহিছে পথ সঞ্চালন । কিন্তু, অসমৰ এই পৰ্ব পিছুৱাই গৈছিল কিছু অসুবিধাৰ বাবে । আজি উত্তৰ গুৱাহাটী নগৰ কায্যকাৰীনিৰ উদ্যোগত উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেল পথাৰৰ পৰা নগৰ ভ্ৰমণেৰে অনুষ্ঠিত হল পথ সঞ্চালন । উত্তৰ গুৱাহাটী নগৰ কায্যবাহী দিপাঙ্কৰ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত এই অনুষ্ঠানটোত এক বৌদ্ধিক বৈঠকৰো অনুষ্ঠিত কৰা হয় । আজিৰ এই বৌদ্ধিক প্ৰমুখ অনুষ্ঠানত  গুৱাহাটী বিভাগৰ বিভাগ প্ৰচাৰক অতুল দেশপাণ্ডে আৰু গুৱাহাটী মহানগৰ সংঘচালক গুৰু প্ৰসাদ মেধীয়েও অংশ গ্ৰহণ কৰে ।   

No comments