Breaking News

বীৰদত্ত ক্ৰিড়া সংঘৰ উদ্যোগত বেজেৰা কেন্দ্ৰীয় যুৱক সংঘৰ সহযোগত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় মিনি ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হল পঞ্চম বার্ষিক চি. এম. চেম্পিয়নচীপ ট্ৰফী

 

ডিজিটেল সংবাদ, মান্দাকাটা ...বীৰদত্ত ক্ৰিড়া সংঘৰ উদ্যোগত  বেজেৰা কেন্দ্ৰীয় যুৱক সংঘৰ সহযোগত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় মিনি ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হল পঞ্চম বার্ষিক চি. এম. চেম্পিয়নচীপ ট্ৰফী ৷ আমন্ত্রণমূলক প্রাইজমানি ফুটবল প্রতিযোগিতাৰ চতুর্থ কোৱাটাৰ ফাইনেল ৷ এই খেলখন উদ্ধোধন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া  হেমন্ত চৌধুৰীয়ে লগতে উপস্থিত থাকে তেওঁৰ ব্যক্তিগত সহায়ক প্রাণজিৎ ডেকা ৷ লগতে এই খেলখনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ৷ এই খেলখন ফেৰেংগা  ফুটবল ক্লাব (চিৰাং)আৰু বর্ণিহাত ফুটবল ক্লাৱ (মেঘালয়) ৰ মাজত অনুষ্ঠিত হয় ৷ এই খেল পৰিচালনাৰ মুখ্য সভাপতি দিলীপ ডেকা আৰু পৰিচালনাৰ সম্পাদক ধ্রুৱ জ্যোতি বৰুৱা ৷ এই প্রাইজমানি ফুটবল খেলখন ফেৰেংগা ফুটবল ক্লাব ( চিৰাঙে ) 4-1 গলত জয়ী হয়

No comments