Breaking News

ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেল আৰু দুৰ্গা পূজাক লৈ গুৱাহাটী যান বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা…



আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ। যাৰ পৰিপেক্ষিতত গুৱাহাটী আৰক্ষীৰ যান-বাহন বিভাগে বাহন চলাচলৰ ক্ষেত্ৰত আৰোপ কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা।

সেই অনুসৰি গুৱাহাটী মহানগৰীৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা ৯ বজাৰ পৰা ৩ অক্টোবৰৰ পুৱা ২ বজালৈ চাৰিচকীয়া আৰু তাৰ ওপৰৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 

গুৱাহাটী মহানগৰীৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালিৰে পৰাপৰা  ৫ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা নিশা ১১.৩০ বজালৈ ৬ চকা আৰু তাৰ ওপৰৰ বাণিজ্যিক বাহন চলোৱাত বাধা আৰোপ কৰা আছে। 

সেই অনুসৰি  ৫ অক্টোবৰলৈ পুৱা ৪ বজাৰ পৰা ৯ বজালৈহে চহৰত প্ৰৱেশ কৰিব পাৰিব সামগ্ৰী কঢ়িয়াই অনা ৩ আৰু ৪ চকীয়া বাহন। আনহাতে, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে এ কে আজাদ ৰোড (লখৰা ৰোড)আজি দুপৰীয়া ১২ বজাৰ পৰা কাইলৈ পুৱা ১ বজালৈ ৱান ৱে হ’ব।

চাইকেল ফেক্টৰীৰ ফালৰ পৰা লখৰা চাৰিআলি অভিমুখে বাহনসমূহ নিয়মিতভাৱে চলি থাকিব। ইফালে  আজি লখৰা কাৰ পাছ নথকা বাহনে লখৰা চাৰিআলিৰ প্ৰৱেশ কৰিব নোৱাৰিব।

ইয়াৰ উপৰি, বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ পাছ থকা বাহনৰ বাবে ৱান ৱে হ’ব। ধীৰেনপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম অভিমুখে কোনো ধৰণৰ বাহন প্ৰৱেশ কৰিব নোৱাৰিব।

No comments