Breaking News

মেৰাপানী সীমাত দুৰ্গাপূজাৰ ষষ্ঠীৰ দিনাই ভাণ্ডাৰীস্থিত অসম ৰাইফলচ্‌ আৰু মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফৰ যুটীয়া অভিযান




ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানী সীমাত দুৰ্গাপূজাৰ ষষ্ঠীৰ দিনাই ভাণ্ডাৰীস্থিত অসম ৰাইফলচ্‌ আৰু মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফৰ যুটীয়া অভিযানত এটা পিষ্টলসহ তিনিজনকৈ নগা যুৱকক আটক কৰিবলৈ সক্ষম হয়। নগা যুৱকৰ দলটোৰ পৰা AS 01 U 1223 নম্বৰৰ মাৰুতি এল্ট আৰু AS03J5423 নম্বৰৰ এখন বাজাজ ডিস্কভাৰ বাহন জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি তিনিচুকীয়াৰ পৰা ভাৰতীয় সেনাৰ চোৰাংচোৰা বাহিনীয়ে দুৰ্বত্তৰ দলটোক পিছা কৰি আহি মেৰাপানীৰ  পৰা নগালেণ্ডলৈ যোৱা অৱস্থাতেই মেৰাপানী ডি চেক্টৰৰ চি আৰ পি এফৰ তালাচী চকীৰ সন্মূখত মাছান্দ অডিঅ' (৪২), চেম টকপি (৩৭) আৰু কামলেং থাং(৩৪) নামৰ নগালেণ্ডৰ ভাণ্ডাৰীৰ তিনি নগা যুৱকক আটক কৰিবলৈ সক্ষম হয়। নগা দুৰ্বত্তৰ দলটোৰ পৰা নিৰাপত্তা বাহিনীৰ দলটোৱে বহু আপত্তিজনক তথ্য লাভ কৰাৰ লগতে নগদ ধন আৰু কেইবাটাও ম'বাইল ফোন জব্দ কৰিছে। ঘটনাৰ সন্দৰ্ভত অভিযানকাৰী দলটোৱে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। ইফালে মেৰাপানী আৰক্ষী থানা এলেকাৰ ভিতৰত তিনি নগা যুৱকক সেনাৰ চোৰাংচোৰা আৰু চি আৰ পি এফে পিষ্টলসহ আটক কৰি মেৰাপানী আৰক্ষীৰ জিম্মাত প্ৰদান কৰাৰ পাছতো মেৰাপানী আৰক্ষীয়ে ৰহস্যজনকভাৱে মেৰাপানী আৰক্ষী থানাৰ এলেকাৰ নহয় বুলি কৈ নগালেণ্ড প্ৰশাসনক গতাই দিবলৈ যো-জা চলোৱা ঘটাত আশ্বৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অৱশ্যে বাতৰি লিখা সময়লৈকে তিনি দুৰ্বৃতক মেৰাপানী আৰক্ষীৰ জিম্মাত ৰাখিয়েই জেৰা অব্যাহত ৰাখিছে




No comments