Breaking News

বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জ্ঞানোদয় বঁটা প্ৰদান:-৫৮ টাকৈ শৈক্ষিক বঁটা প্ৰদানৰ লগতে বহুকেইজন ছাত্র-ছাত্ৰীক সম্বৰ্দ্ধণা

  

ডিজিটেল সংবাদ,বালিজানঃ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জ্ঞানোদয় বঁটা প্ৰদান:-৫৮ টাকৈ শৈক্ষিক বঁটা প্ৰদানৰ লগতে বহুকেইজন  ছাত্র-ছাত্ৰীক সম্বৰ্দ্ধণা। গোলাঘাট জিলাৰ পূৱ শিক্ষা খণ্ডৰ অন্তৰ্গত  বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত  শনিবাৰে ২০২০, ২০২১ আৰু ২০২২ শিক্ষাবৰ্ষৰ জ্ঞানোদয় বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন কৰা হয়। বিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উন্নয়নৰ যাত্ৰা অব‍্যাহত ৰখাৰ লক্ষ‍্যৰে এই জ্ঞানোদয় বঁটা প্ৰদান । হাইস্কুল শেষান্ত পৰীক্ষাত  প্ৰথম বিভাগ, দিষ্টিংচন মাৰ্ক , ষ্টাৰ মাৰ্ক , আৰু তিনিটা বিষয়ত লেটাৰ মাৰ্ক লাভ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় এই জ্ঞানোদয় বঁটা। ক'ভিদ পৰিস্থিতিৰ বাবে স্থগিত ৰখা বিগত দুটি বছৰৰ  লগতে ২০২২ শিক্ষাবৰ্ষসহ তিনিটা বছৰৰ মুঠ ৫৮ জন ছাত্র-ছাত্ৰীক জ্ঞানোদয় বঁটা প্ৰদান কৰাৰ লগতে,  শতাধিক ছাত্ৰ-ছাত্ৰীক  সম্বৰ্দ্ধণা জনোৱা হয়। ১৯৮৮ চনতে সমাজ কৰ্মী হৰিনাৰায়ন বৰাৰ সহযোগত আৰম্ভ হৈছিল এই জ্ঞানোদয় বঁটা প্ৰদান কাৰ্যসূচী আৰু অব‍্যাহত আছে একেৰাহে ১৭ বছৰ । সেই উপলক্ষে শনিবাৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি হীৰা বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভা খন আঁত ধৰে বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অঞ্জন বৰাই । সভাত বিদ‍্যলয়ৰ পৰিচালনা সমিতিৰ উপ সভাপতি  হৰিনাৰায়ন বৰি ,অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া সুভন বৰদলৈ, কমাৰবন্ধা উচ্চতৰমাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ লোকেন বৰা , বিশিষ্ট শিক্ষাবিদ মুক্তি বৰুৱা, হামিদুৰ ৰহমান , অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক নবীন নেওগ,জগন্নাথ বৰা,পূৰ্ণানন্দ বৰা,মহেন বৰুৱা,বালিজান গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নগেন বৰা,বিশিষ্ট সমাজকৰ্মী যতীন   বৰবৰুৱা,মীৰা বৰা ,কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দীপজ্যোতি বৰদলৈ,চিনাতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেক মোহন বৰা, মেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীন শইকীয়াৰ লগতে বঁটাৰ দাতা দেৱজ্যোতি হাজৰিকা,দিলীপ বৰুৱা,আছাদ আহমেদ,ধুব্ৰুজ্যোতি কোঁৱৰ,,লোকনাথ কোঁৱৰ নেকিবুৰ ৰহমান ঘনকান্ত গগৈপ্ৰমোখ্য কৰি কেইবাজনোবিশিষ্টশিক্ষাবি ,বিদ্যালয়খনৰ অৱসৰ প্ৰাপ্ত শিক্ষক,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ উপস্থিত থাকে।

No comments