Breaking News

ক্ৰমাৎ আক্ৰমণাত্মক হৈ উঠিছে ৰাছিয়া।



ৰাছিয়াৰ সেনাবাহিনীৰ সৈতে প্ৰত্যক্ষ যোগাযোগ বা সৈন্যৰ সৈতে নাটোৰ প্ৰত্যক্ষ মুখামুখি হ’লে এক অতি বিপজ্জনক পদক্ষেপ হ’ব, যাৰ ফলত বিশ্বব্যাপী বিপৰ্যয়ৰ সৃষ্টি হ’ব পাৰে, মই আশা কৰিছোঁ এনে পদক্ষেপ নোলোৱাটো বুদ্ধিমানৰ কাম হ'ব।"

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধই লৈছে নতুন মোৰ । ক্ৰমাৎ আক্ৰমণাত্মক হৈ উঠিছে ৰাছিয়া। সোমবাৰে পুনৰ কেইবাটাও বোমা বিস্ফোৰণত কঁপি উঠিল ইউক্ৰেইন। ৰাছিয়াৰ ধাৰাষাৰ বোমা বিস্ফোৰণে কঁপাই তোলে কিয়েভ চহৰ। 

 ৰাছিয়াৰ বাহিনীৰ সৈতে নাটোৰ সৈন্যৰ সংঘৰ্ষ হ’লে এক “গোলকীয় বিপৰ্যয়” হ’ব বুলি পুটিনে সকীয়নি দিয়াৰ পিছতেই পুৱা কেইবাটাও বোমা বিস্ফোৰণ ঘটাই ৰাছিয়াই। কামিকাজ ড্ৰোনৰ সহায়ত সংঘটিত কৰা এই বোমা বিস্ফোৰণে ৰাছিয়া আৰু আক্ৰমণাত্মক হোৱাৰ ইংগিত দিছে। 

উল্লেখ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এক প্ৰকাৰ সকীয়নি প্ৰদান কৰি কাজাখস্তানৰ ৰাজধানী আস্তানাত এখন সংবাদমেল সম্বোধন কৰি কৈছিল যে ৰাছিয়াৰ সেনাবাহিনীৰ সৈতে প্ৰত্যক্ষ যোগাযোগ বা সৈন্যৰ সৈতে নাটোৰ প্ৰত্যক্ষ মুখামুখি হ’লে এক অতি বিপজ্জনক পদক্ষেপ হ’ব, যাৰ ফলত বিশ্বব্যাপী বিপৰ্যয়ৰ সৃষ্টি হ’ব পাৰে, মই আশা কৰিছোঁ এনে পদক্ষেপ নোলোৱাটো বুদ্ধিমানৰ কাম হ'ব।"

No comments