Breaking News

সোণাৰিত উদ্বোধন নোহোৱাকৈয়ে উৱঁলি গৈছে এটা স্বাস্থ্য উপ-কেন্দ্ৰ


ডিজিটেল সংবাদ, সোণাৰিঃ  সোণাৰিত উদ্বোধন নোহোৱাকৈয়ে উৱঁলি গৈছে এটা স্বাস্থ্য উপ-কেন্দ্ৰ ,সোণাৰিৰ সমীপৰ শিঙৰিতলী গাঁৱত স্থাপন কৰা এটা স্বাস্থ্য উপ-কেন্দ্ৰ উদ্বোধন নোহোৱাকৈয়ে উৱঁলি যোৱাৰ উপক্ৰম হৈছে যদিও বিভাগীয় কট্ৰিপক্ষৰ এই ক্ষেত্ৰত মন কাণ দিবলৈ আহৰি নোহোৱাত স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। জানিব পৰা মতে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত শিঙৰিতলী গাঁওৰ ৰাইজৰ সুবিধা হোৱাকৈ এন এইচ এমৰ পুঁজিৰে এটা স্বাস্থ্য উপ-কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল। কিন্তু ৰাহস্যজনক কাৰণত স্বাস্থ্য উপ-কেন্দ্ৰটো আজি পৰ্যন্ত উদ্বোধন নোহোৱাত এতিয়া স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। 



No comments