Breaking News

বিজনীত কলিনা মাৰ্দি নামৰ এগৰাকী মহিলা নিৰুদ্দেশ

                         

ডিজিটেল সংবাদ, চিৰাংঃ বিজনীত এগৰাকী মহিলা নিৰুদ্দেশ  । চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত বড়োবাজাৰৰ  বগৰীগুৰী নিৱাসী অশোক বাস্কিৰ পত্নী কলিনা মাৰ্দি  ২ অক্টোবৰৰ পুৱা ৯.৩০ বজাৰে পৰা নিজ গৃহৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে । উল্লেখ্য সেই সময়ত অশোক বাস্কি বড়োবাজাৰত থকা নিজৰ গেলামাল দোকানত ব্যস্ত হৈ থকাৰ বিপৰীতে ঘৰত কেবল অশোক- কলিনাৰ ৬ বছৰীয়া পুত্ৰ সন্তানটোহে আছিল। ঘটনা সন্দৰ্ভত অশোক বাস্কিয়ে যোৱা ৪ অক্টোবৰত বড়োবাজাৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও এই মুহুৰ্তলৈ  নিৰুদিষ্ট মহিলা গৰাকীৰ কোনো শুংসুত্ৰ লাভ কৰা নাই আৰক্ষী কিম্বা পৰিয়ালৰ লোকে । নিৰুদিষ্ট মহিলা গৰাকীৰ কোনো সম্ভেদ লাভ কৰিলে অশোক বাস্কিয়ে ৯৬৭৮৪৯৪১৩৩  নম্বৰৰ মোবাইল ফোনৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।

No comments