Breaking News

অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা কৃষক উৎপাদক সংস্থা(এফ পি চি)ৰ অভিবৰ্তন আৰম্ভ হৈছে

 

ডিজিটেল সংবাদ, যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি  দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা  কৃষক উৎপাদক সংস্থা(এফ পি চি)ৰ অভিবৰ্তন আৰম্ভ হৈছে  । বিশ্ববিদ্যালয়ৰ ড: মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত  অভিবৰ্তনখন উদ্বোধন কৰে অসমৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই ।
                                            

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাৰ পৌৰহিত্যত  অনুষ্ঠিত এই অনুষ্ঠানত  অসম  চৰকাৰৰ জলসিঞ্চন আৰু পৰ্যটন বিভাগৰ  মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা  আৰু ভাৰতীয় কিষাণ সংঘৰ সাংগঠনিক সম্পাদক দীনেশ কুলকাৰ্ণীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক তথা অভিবৰ্তনৰ আয়োজক সমিতিৰ সভাপতি ড: প্ৰসন্ন কুমাৰ পাঠকে আদৰণি ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা , আয়োজক সমিতিৰ সম্পাদক ড: ৰূপম বৰগোহাঁই প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত ‌থাকে‌।এই অনুষ্ঠানত ৰাজ্যৰ এফ পি চি গঠন আৰু প্ৰচাৰৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত সংযুক্ত বিভাগসমূহৰ লগতে অন্যান্য চৰকাৰী বেচৰকাৰী সংস্থাসমূহৰ ভাল সংখ্যক গুৰুত্বপূৰ্ণ কৰ্মীয়েও অংশগ্ৰহণ কৰিছে।


No comments