Breaking News

গোলাঘাট জিলাৰ গুলোংতেমেৰা গাঁও পঞ্চায়তৰ মাজ চাপৰি পানীযোগান আঁচনি উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

 


ডিজিটেল ,ডেস্ক.... জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি কৃষি, পশু পালন আৰু পশু চিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট জিলাৰ বোকাখাত সংমণ্ডলৰ অধীনৰ দেৰগাঁও উপ-সংমণ্ডলৰ গুলোংতেমেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজ চাপৰি পানীযোগান আঁচনিখন উদ্বোধন কৰে । এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগৰ দ্বাৰা এতিয়ালৈকে ৰাজ্যখনৰ ২৫ লাখ লোকৰ ঘৰলৈ নলযোগে বিশুদ্ধ পানী যোগান ধৰা হৈছে । ৰাইজৰ সহযোগতহে এই পানী যোগান আঁচনিসমূহৰ সফল ৰূপায়ন সম্ভৱ বুলি উল্লেখ কৰি তেওঁ জনসাধাৰনক এই আঁচনিসমূহক নিজৰ আঁচনি জ্ঞান কৰি চোৱা-চিতা কৰিবলৈ আহ্বান জনায় । জলমিত্ৰসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধানৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰিছে বুলি উল্লেখ কৰি আঁচনিসমূহ দীৰ্ঘস্থায়ী কৰাৰ বাবে উপভোক্তা সমিতিসমূহ অৰ্থাৎ ৰাইজৰ অংশীদাৰিত্ব নিতান্তই প্ৰয়োজন বুলি তেওঁ কয় । তেওঁ কয় যে গুনোৎসৱৰ আৰ্হিত অচিৰেই জলোৎসৱ আৰম্ভ কৰা হ'ব ।জলোৎসৱ কাৰ্যসূচীৰ অধীনত চৰকাৰী বিষয়াসকলে প্ৰতিখন পানী যোগান আঁচনি পৰিদৰ্শন কৰি আঁচনিসমূহৰ ৰূপায়ন সন্দৰ্ভত মূল্যায়ন কৰিব । লগতে আত্মসহায়ক গোটৰ মহিলাসকলে ঘৰে ঘৰে গৈ জল জীৱন আঁচনিৰ অধীনত সকলোৱে পানী লাভ কৰিছেনে নাই সেয়া সুনিশ্চিত কৰাৰ লগতে পানীৰ গুণাগুণ পৰীক্ষাৰ ব্যৱস্থা কৰিব । তেওঁ কয় যে দূষিত পানী সেৱন কৰাৰ ফলতেই সৰ্বাধিক ৰোগৰ সংক্ৰমণ হোৱা দেখা যায় । সেয়ে বিশুদ্ধ পানী আৰু প্ৰাকৃতিক উৎসসমূহৰ পৰা পোৱা সহজলভ্য পানীৰ মাজৰ পাৰ্থক্য অনুধাৱন কৰি পানীৰ অপব্যৱহাৰ নকৰিবলৈ মন্ত্ৰীগৰাকীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায় । আনহাতে পৰ্যটন বিভাগৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনলৈ আগমন ঘটা দেশী-বিদেশী পৰ্যটকসকলৰ আগত যাতে অসমৰ ছবিখন কোনো কাৰণতে নঞাৰ্থক ৰূপত প্ৰতিফলিত নহয় তাৰ বাবে সকলোকে সচেতন হ'বলৈ আহ্বান জনায় । সামগ্ৰিকভাৱে ৰাজ্যখনৰ পৰ্যটন খণ্ড আৰু কাজিৰঙাৰ কাষৰীয়া অঞ্চলসমূহত গ্ৰাম্য পৰ্যটনৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ পৰ্যটকসকলৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে কাজিৰঙাৰ জীপ ছাফাৰি ব্যৱস্থা অধিক উন্নত কৰাৰ বাবে ৰাজসাহায্য মূল্যত নতুন জীপ আগবঢ়োৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।


তদুপৰি কেইমাহমানৰ ভিতৰতে টুৰিষ্ট গাইডসকলক উন্নত মানৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি তেওঁ কয় । অনুষ্ঠানত দিয়া ভাষণত কৃষি মন্ত্ৰী অতুল বৰাই পানী যোগান আঁচনি সমূহক চৰকাৰৰ আঁচনি বুলি নাভাবি নিজৰ সম্পদ হিচাপে জ্ঞান কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । লগতে ৰাইজক আঁচনিসমূহ নিজে চোৱা-চিতা কৰিবলৈ কয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আদৰণি ভাষণ দিয়া অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা বিজিত দত্তই শলাগৰ শৰাই আগবঢ়ায় । অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্ৰী হেলিনা পেগু দলে, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, আঞ্চলিক পঞ্চায়তৰ সদস্য ববিতা পেগু, গুলোংতেমেৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী জয়ন্তী লয়িং, জিলা বিজেপিৰ সভাপতি দেবপ্ৰদীপ বৰা আৰু ভালেসংখ্যক ৰাইজ উপস্থিত আছিল । উল্লেখযোগ্য যে ২০২২-২৩ বৰ্ষৰ জল জীৱন অভিযানৰ অধীনত ১২৯.৯৪ লাখ টকা ব্যয়সাপেক্ষে ৰূপায়ন কৰা এই আঁচনিৰ দ্বাৰা গুলোংতেমেৰা গাঁও পঞ্চায়তৰ অধীনৰ ১৫৫ ঘৰ লোক উপকৃত হ'ব । 


No comments