Breaking News

অষ্টমৰ পৰা নৱম স্থানলৈ অৱনমিত অসম।



অষ্টমৰ পৰা নৱম স্থানলৈ অৱনমিত অসম। পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো দেশৰ ভিতৰত পৰিস্কাৰ চহৰ হিচাপে পৰিগণিত মধ্যপ্ৰদেশৰ ইণ্ডোৰ চহৰ। আবাস আৰু চহৰ পৰিক্ৰমা মন্ত্রালয়ে আজি ঘোষণা কৰা স্বচ্ছ সবেক্ষণ- ২০২২ৰ ফলাফলত অসমে এশতকৈ কম চহৰীয়া নিগম নিকায় থকা ৰাজ্য সমূহৰ ভিতৰত দখল কৰিছে নৱম স্থান ।

সৰ্বেক্ষণত এশতকৈ কম নিগম নিকায়  থকা ৰাজ্য সমূহৰ ভিতৰত এইবাৰ অসমে  নৱম স্থানহে লাভ কৰিবলৈ সক্ষম হয়। স্বচ্ছতাৰ ক্ষেএত পূর্বৰ অষ্টম স্থানৰ পৰা নৱমলৈ অৱনমিত হৈছে অসমৰ স্থান। উক্ত শিতানত এিপুৰা ঝাৰখণ্ড আৰু উওৰাখণ্ডই প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে।

একেৰাহে ষষ্ঠ বাৰৰ বাবে দেশৰ ভিতৰত পৰিস্কাৰ চহৰ হিচাপে পৰিগণিত মধ্যপ্ৰদেশৰ ইণ্ডোৰ চহৰ। শনিবাৰে  দিল্লীত গাম্ভীর্যপূণ অনুস্থানত বটা প্ৰদান কৰিলে ৰাষ্ট্ৰপতি দ্ৰুপদী মুমুয়ে।  এই ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে গুজৰাটৰ ছুৰাট আৰু মহাৰাষ্ট্ৰৰ নৱী  মুম্বাই।

No comments