Breaking News

বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাওঁ চাহ বাগিচাত চাইনিং ক্লাবৰ সৌজন্যত নিশিকা নাথ, মংগল খেৰুৱাৰ আৰু সীতা গোৱালাৰ সোঁৱৰণত দুখনকৈ চূড়ান্ত ফুটবল খেল অনুষ্ঠিত হয় ।

 




ডিজিটেল সংবাদ, বিহালীঃ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাওঁ চাহ বাগিচাত চাইনিং ক্লাবৰ সৌজন্যত নিশিকা নাথ, মংগল খেৰুৱাৰ আৰু সীতা গোৱালাৰ  সোঁৱৰণত দুখনকৈ চূড়ান্ত ফুটবল খেল অনুষ্ঠিত হয় । প্ৰথমে মংগল খেৰুৱাৰ আৰু সীতা গোৱালা সোঁৱৰণী চূড়ান্ত খেলখনত বিহালী দলে ভৰালীজুলী দলক ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় । ইফালে নিশিকা নাথ সোঁৱৰণি দ্বিতীয় খন তীব্ৰ উত্তেজনা পূৰ্ণ খেলখন অনুষ্ঠিত হয় লক্ষীমপুৰ জিলাৰ দলৌহাট আৰু বিশ্বনাথ জিলাৰ ব্ৰক্ষ্মাজান ফুটবল দলৰ মাজত। উক্ত খেলখন নিৰ্ধাৰিত সময়ত গ'ল শূণ্যভাৱে সমাপ্ত হোৱাত ট্ৰাইবেকাৰৰ জৰিয়তে ব্ৰক্ষ্মাজান দলে দলৌহাট দলক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে । ইফালে, খেল উপভোগ কৰিবলৈ প্ৰায় ৫ সহস্ৰাধিক দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হয় ।

No comments