Breaking News

গড়মুৰ চিকিৎসালয় সন্মুখত চিকিৎসা ব্যৱস্থাৰ বিৰুদ্ধে আৰু তেজশ্বিতা বৰুৱাৰ মৃত্যুৰ তদন্তৰ দাবীত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

  

ডিজিটেল সংবাদ, মাজুলীঃ গড়মুৰ চিকিৎসালয় সন্মুখত চিকিৎসা ব্যৱস্থাৰ বিৰুদ্ধে আৰু তেজশ্বিতা বৰুৱাৰ মৃত্যুৰ তদন্তৰ দাবীত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৷ চিকিৎসাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা মাজুলীয়ে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৷ জিলা ঘোষণা হোৱাৰ পিছতো আজি পৰ্যন্তলৈকে মাজুলী চিকিৎসা ক্ষেত্ৰত আগনাবাঢ়িল৷ নিতৌ ৰোগীৰ মৃত্যুৱে মাজুলীবাসী ৰাইজক শংকাত পেলাইছে ৷ সামান্য এটি বেমাৰ হ’লে চিকিৎসা কৰিবলৈ অপাৰগ মাজুলীৰ চিকিৎসক সকল৷ কেৱল মাত্ৰ ৰেফাৰৰ জৰিয়তে চিকিৎসা ব্যৱস্থা চলি আছে মাজুলীত এই ক্ষোভ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ ৷  বছৰ বছৰ ধৰি কেৱল ৰোগীৰ লগত হেতালি মাজুলীৰ স্বাস্থ্য বিভাগ আৰু অসম চৰকাৰে এই উদ্দেশ্যে  মাজুলী জিলা সদৰত অৱস্থিত গড়মুৰ চিকিৎসালয় সন্মুখত চিকিৎসা ব্যৱস্থাৰ বিৰুদ্ধে আৰু তেজশ্বিতা বৰুৱাৰ মৃত্যুৰ দাবীত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই ৰ স্বাক্ষৰিত স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰিছে জিলা ছাত্ৰ সন্থাই৷  সমান্তৰালভাৱে মাজুলীৰ উদীয়মান শিল্পী তেজশ্বীতা বৰুৱাৰ মৃত্যুৰ এটি উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই৷

No comments