Breaking News

আমিন গাওঁ কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সমুখত কভিড ১৯ চাফাই কৰ্মী সন্থাৰ অদ্ধ উলঙ্গ প্ৰতিবাদ

                        

 ডিজিটেল সংবাদ, কামৰূপঃ কভিড বিভীষিকাৰ কালত আপুনি মই ঘৰৰ ভিতৰত থাকি নিজৰ লগতে পৰিয়ালৰ সুৰক্ষাত ব্যস্ত আছিলো । কভিড বিবিভীষিকা ইমানেই ভয়াবহ আছিল যে আজিও সকলোৰে মনত আছে । তেনে এক বিভীষিকাত নিজৰ জীবন উৎসৰ্গা কৰিছিল কেইবা শ ছাফাই কৰ্মী । কামত নিযুক্ত কৰাৰ সময়ত স্থায়ী নিযুক্তিৰ আশ্বাস দিছিল হেনো মুখ্য মন্ত্ৰীয়ে । কিন্তু , সেই সকল কভিড যোদ্ধাৰ কথা পাহৰিলে চৰকাৰে । যাৰ বাবে আমিন গাওঁ কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সমুখত কভিড ১৯ চাফাই কৰ্মী সন্থাৰ অদ্ধ উলঙ্গ প্ৰতিবাদ । ছাফাই কৰ্মীৰ স্থায়ী নিযুক্তিকে ধৰি কেইবাটাও দাবীৰে এই প্ৰতিবাদ  মুখ্য মন্ত্ৰী মুৰ্দাবাদ , পিযুষ হাজৰিকা মিছলীয়া , জয়ন্ত মল্ল চৰকাৰ বিদ্বেশী ধ্বনিৰে উত্তাল হল আমিন গাঁও । প্ৰতিবাদকাৰী কভিড ছাফাই কৰ্মীৰ প্ৰতিবাদে হিংস্ৰ ৰূপ লোৱাৰ উপক্ৰম হৈছিল । ব্ৰহ্মপুত্ৰত আত্মজাহ দিয়াৰবাবে উদ্যত প্ৰতিবাদকাৰীক বাধা দিলে আৰক্ষী অৰ্ধ সামৰিক বাহিনীয়ে । অবশেষত দণ্ডাধীশৰ উপস্থিতিত চলিল আলোচনা । 

No comments