Breaking News

দেইথৰত পদ্মশ্ৰী ৰংবং তেৰাঙৰ জীৱনভিত্তিক " ৰংবং তেৰাঙৰ জীৱন আৰু কৰ্ম " বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ


ডিজিটেল সংবাদ, নুমলীগড়ঃ কাৰ্বি আংলং জিলাৰ নুমলীগড়ৰ সীমান্তৱৰ্তী চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰে বুধবাৰৰ পৰা দুদিনীয়াকৈ যশস্বী সাহিত্যিক , অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ জীৱনৰ ওপৰত " ৰংবং তেৰাঙৰ জীৱন আৰু কৰ্ম" শীর্ষক বিষয়ৰ এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ অনুষ্ঠিত কৰিছে। মহাবিদ্যালয় খনৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত তথা অসম সাহিত্য সভাৰ প্ৰাচ্যবিদ্যাৰ্ণৱ ডঃ মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থান আৰু আঞ্চলিক কাৰ্যালয় (ৰাংছিনা ভৱন), ডিফুৰ সহযোগত আয়োজিত হৈছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ খনত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠানৰ প্ৰায় ৭০ গৰাকী গৱেষক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু চিন্তাশীল ব্যক্তিয়ে গৱেষণা পত্ৰ পাঠ কৰিব  দিছে।  আজি দেইথৰস্থিত মণিৰাম লাংনেহ প্ৰেক্ষাগ্ৰহত চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰৰ অধ্যক্ষ ড° দীপক কুমাৰ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা  উদ্ধোধনী অনুষ্ঠানত আলোচনা চক্ৰ খনিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য  ৰিচাৰ্ড টকবিয়ে । অনুষ্ঠানত মুখ্য অতিথিৰ বক্তব্য প্ৰদান কৰে অনুষ্ঠানৰ মধ্যমণি পাদ্মশ্ৰী ৰংবং তেৰাঙে। অনুষ্ঠানত বিশিষ্ট আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে অসম সাহিত্য সভাৰ উপ-সভানেত্রী মৃণালিনী দেৱী আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা। বহুকেইজন সমল ব্যক্তি উপস্থিত থাকে  অনুষ্ঠানত ।

No comments