Breaking News

ৰাজ্যত ক্ৰমাত বৃদ্ধি পাই উঠিছে যুৱতী নিৰুদ্দেশৰ ঘটনা ।

 

ডিজিটেল সংবাদ, মেৰাপানীঃ ৰাজ্যত ক্ৰমাত বৃদ্ধি পাই উঠিছে যুৱতী নিৰুদ্দেশৰ ঘটনা । মেৰাপানী অঞ্চলৰ গাড়ীগাওঁৰ দেৱ শইকীয়া মাতৃ জোনামনি শইকীয়াৰ একমাত্ৰ কন্যা বিনু শইকীয়া যোৱা ০৯ অক্টোবৰ তাৰিখে ঘৰৰ পৰা মেৰাপানীলৈ বুলি ওলাই অহাৰ পাছৰে পৰাই আজি পৰ্যন্ত নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ গাড়ীগাওঁ অঞ্চলটোতে এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে।                                        

 বহু বিচাৰ খোচাৰ কৰা অন্তটো আজি পৰ্যন্ত কোনো শুং সুত্ৰ নোপোৱাত পৰিয়ালৰ লোকে মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰা মতে কোনো এক দুস্ত চক্ৰৰ কৱলত পৰিছে বুলি যুৱতী জনী নিৰুদ্দেশ হৈ আছে ।

No comments