Breaking News

লভিতা নাটকৰ ওপৰত মন্তব্য প্ৰকাশ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডাঃ বিপিন চন্দ্ৰ কলিতাৰ

  

ডিজিটেল সংবাদ, নলবাৰীঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টিৰাজী এক নাট হল "লভিতা" । কিন্তু এই লভিতা নাট খনক অলম লৈ যশস্বী নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত লতিভা নাট খনক লৈ এতিয়াও ৰাজ্যজুৰি বিতৰ্ক অব্যাহত আছে  । যাৰ নাট্যকাৰ অভিজিত ভট্টাচাৰ্যক বিভিন্ন দল-সংগঠনৰ লগত সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰয়োজক সন্থা পৰ্যন্ত তীব্ৰ গৰিহণা প্ৰকাশ কৰাত পৰিলক্ষিত হৈছে  । সেইমৰ্মে আজি নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ বিতৰ্কিত নাট লভিতা সন্দৰ্ভত আমাৰ RP Live ৰ কেমেৰাৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা নলবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা:বিপিন চন্দ্ৰ কলিতাই  । কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গৰাকীয়ে নাট্যকাৰ অভিজিত ভট্টাচাৰ্যক তীব্ৰ গৰিহণা প্ৰকাশ লগতে এনেকুৱা গ্লেমাৰৰ কাৰণে এনেকুৱা বিতৰ্কিত কাৰ্য সংঘটিত কৰি থাকিলে অসমীয়া সাহিত্য নাইবা নাট্যজগতত বেছি দিন জীয়াই নাৰাখে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।।



No comments