Breaking News

আজি যোগ প্ৰশিক্ষিকা অনুৰাধা মহন্তৰ নেতৃত্বত গুৱাহাটীৰ, চয়মাইল ,আনন্দ নগৰত Anuyoga নামেৰে এটি যোগ প্ৰশিক্ষন কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়|


ডিজিটেল, ডেস্কঃ
 আজি যোগ প্ৰশিক্ষিকা অনুৰাধা মহন্তৰ নেতৃত্বত গুৱাহাটীৰ, চয়মাইল ,আনন্দ নগৰত Anuyoga নামেৰে এটি যোগ প্ৰশিক্ষন কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়|যোগ গুৰু শুভাশিষ ক'ৰ আৰু সিক্তা ক'ৰ  মহোদয়াৰ লগতে বিশিষ্ট দন্ত চিকিসক অসম দেন্তেল কলেজৰ মুখ্য তথা সু-সাহিত্যিক ড০ ৰুৱি কটকী মহোদয়া|লগতে ডাউন টাউন হস্পিতেলৰ পেথল'জিৰ মুখ্য ডা০ প্লাৱিতা চেলেং,যোগ প্ৰশিক্ষক কংকন ডেকা,নেহৰু যুৱ কেন্দ্ৰৰ বিষয়াধনন্জয় তালুকদাৰ ডাঙৰীয়া,  আৰু বহুতো গন্য মান্য ব্যক্তিৰ উপস্হিতিত এই অনুস্হানটিৰ শুভাৰম্ভ কৰা হয়|বন্তি প্ৰজ্বলন,ওঁম উচ্চাৰণেৰে অনুস্হানটিৰ শুভাৰম্ভ কৰাৰ লগতে গুৰুজনাৰ সৃষ্ট বৰগীত পৰিবেশন কৰে প্ৰশিক্ষাৰ্থী  জুৰি তালুকদাৰে|সত্ৰীয়া নৃত্য পৰিবেশন কৰে জুলি বৰ্মনে|লগতে যোগ প্ৰদৰ্শন কৰে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমলৈ সুনাম কঢ়িওৱা হৰ্ষিত বৰুৱায়ে|বৰ্তমান সময়ত যোগৰ প্ৰয়োজনীয়তাৰ বাবেই যোগৰ পৌৰানিক শৈলীৰ লগতে অত্যাধুনীক কিছু শৈলী একত্ৰিত কৰি  Anuyoga যোগৰ প্ৰশিক্ষন দিয়াৰ লগতে সকলো প্ৰকাৰৰ ৰোগৰ যৌগিক চিকিতসা কৰা,আসন,প্ৰাণায়াম আৰু ধ্যান আৰু যৌগিক খ্যাদ্যাভ্যাস  আদি অন্তভুক্ত কৰি ৰাইজৰ মাজত যোগৰ সজাগতা সৃষ্টি কৰা হয়|

No comments