Breaking News

গোলাঘাট জিলা তাই আহোম ছাত্ৰ সন্থাৰ অধীনত সদ্য গঠিত হোৱা তাই আহোম ছাত্ৰ সন্থাৰ মেৰাপানী মহকুমা সমিতিখনে সোমবাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে শপত গ্ৰহণ কৰে।



ডিজিটেল সংবাদ, মেৰাপানীঃ গোলাঘাট জিলা তাই আহোম ছাত্ৰ সন্থাৰ অধীনত সদ্য গঠিত হোৱা তাই আহোম ছাত্ৰ সন্থাৰ মেৰাপানী মহকুমা সমিতিখনে সোমবাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে শপত গ্ৰহণ কৰে। কাছমাৰীৰ ঐতিহাসিক ৰজাবাৰীস্থিত ৰেন চেঙত ধৰ্মীয় পৰম্পৰাৰে বন্তি প্ৰজ্বলন কৰি শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন কৰে। তাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি কৃষ্ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে যুটীয়া সম্পাদক গৌতম লাহনে। সভাত তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ধ্ৰুৱজ্যোতি শইকীয়া, প্ৰচাৰ সম্পাদক যাদৱ কোঁৱৰৰ লগতে জিলা সমিতিৰ কাৰ্যকৰী সভাপতি পংকজ গগৈ, উপ সভাপতি বিতোপন গগৈ আৰু সহকাৰী সম্পাদকদ্বয় জয়ন্ত গগৈ আৰু দেৱজিত গগৈ উপস্থিত থাকে। শপত গ্ৰহণ অনুষ্ঠানটিত মেৰাপানী মহকুমা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি মাইনা ফুকন আৰু সম্পাদক বিতুপন গগৈৰ লগতে সদস্য সকলক কাৰ্যকৰী সভাপতি পংকজ গগৈয়ে শপত বাক্য পাঠ কৰাই। ইফালে অনাগত দিনত মেৰাপানী মহকুমা এলেকাত বসবাস কৰা জনগোষ্ঠীটোৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে কাম কৰি যোৱাৰ লগতে বিভিন্ন সামাজিক দিশত কাম কৰাৰ পৰিকল্পনা লোৱা হ'ব বুলি নৱ নিৰ্বাচিত সভাপতি মাইনা ফুকনে জানিবলৈ দিয়ে।

No comments