Breaking News

ফৰকাটিং মহাবিদ্যালয়ত মহিলা কোষৰ উদ্যোগত ৰাষ্ট্ৰীয় কৰ্কট ৰোগৰ সজাগতা দিৱস উদ্‌যাপনঃ

 


ডিজিটেল সংবাদ,ফৰকাটিং,গোলাঘাট জিলা ফৰকাটিং মহাবিদ্যালয়ৰ বিষ্ণুূ-জ্যোতি প্ৰেক্ষা গৃহত শিক্ষক গোটৰ মহিলা কোষৰ উদ্যোগত ৰাষ্ট্ৰীয় কৰ্কট ৰোগৰ সজাগতা  দিৱস উদ্‌যাপন কৰা হয়। সভাৰ আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ ড° অজন্তা ৰাজখোৱাই। অনুষ্ঠানটি আঁতধৰে মহিলা কোষৰ সম্পাদিকা তথা বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপিকা অভিশিখা বাইলুুঙে। সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গোলাঘাট শ্বহীদ কুঁশল কোঁৱৰ অসামৰিক চিকিৎসালয় স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ কবিতা উজীৰ।  ডাঃ কবিতা উজীৰে মহিলাৰ "স্তনৰ কৰ্কট ৰোগ আৰু জৰায়ুৰ কৰ্কট" ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত বিশদ ভাৱে আলোচনা আগবঢ়াই। ইয়াৰ উপৰি কমাৰবন্ধা মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° ৰুৱী ভৰালী উপস্থিত থাকি বক্তব্য আগবঢ়াই। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় মহিলা সকল উপস্থিত থাকে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক অপূৰ্ব ৰঞ্জন দত্তই

No comments