Breaking News

তামুলপুৰৰ কচুবাৰীত ৩৩ সংখ্যক কাতি মহীয়া নাগাৰা নাম।দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কাতি মহীয়া নাম।

 


ডিজিটেল সংবাদ, তামুলপুৰ: তামুলপুৰৰ কচুবাৰীত ৩৩ সংখ্যক কাতি মহীয়া নাগাৰা নাম।দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কাতি মহীয়া নাম।তামুলপুৰ জিলাৰ অন্তৰ্গত কচুবাৰীত আজি ৩৩ সংখ্যক কাতি মহীয়া নাম অনুষ্ঠিত কৰে। তামুলপুৰৰ ঐতিহাসিক নানা জাতি জনগোষ্ঠীৰ মিলনভূমি কচুবাৰীত জাক জমকতাৰে আজি ৰাতিপুৱাৰে পৰা উদযাপন কৰে অসমীয়াৰ পৰম্পৰাগত কাতি মহীয়া নামৰ দিনজোৰা কাৰ্যসূচী। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন তথা গছপুলি ৰোপন কৰা হয় লগতে আবেলী বন্তি প্ৰজ্বলনৰ লগতে ভাগৱত পাঠ আৰু ভাগৱত পাঠৰ পিছতেই সন্ধিয়া ৭ বজাত আমন্ত্ৰিত নাম দলৰ পাঠকদ্বয় ক্ৰমে "দৰঙৰ তৰুন কাকতি" আৰু "নলবাৰীৰ হেমন্ত শৰ্মা"ৰ নাম দল দুটিৰ নাগাৰা নাম  প্ৰদৰ্শন কৰা হব। নাগাৰা নাম অনুষ্ঠানটোত দুই সহস্ৰাধিক ৰাইজ উপস্থিত থাকিব বুলি আশা প্ৰকাশ কৰি উদযাপন সমিতিয়ে সমূহ ৰাইজে আগবঢ়োৱা দান বৰঙণিৰ লগতে সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

No comments