Breaking News

তংগত উঠিছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা, ৰমেন বৰঠাকুৰ, ভূপেন বৰা,মনজিৎ মহন্ত আদিয়ে উঠি পৰি লাগিছে এই অভিযানত।

 


ডিজিটেল সংবাদ, গুৱাহাটীঃ তংগত উঠিছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা,  ৰমেন বৰঠাকুৰ, ভূপেন বৰা,মনজিৎ মহন্ত আদিয়ে উঠি পৰি লাগিছে এই অভিযানত।ধুবুৰীত 1 নৱেম্বৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আৰম্ভ হোৱা এই পদযাত্ৰাই ইতিমধ্যে ধুবুৰী জিলা অতিক্ৰম কৰিছে।এই ভাৰত জোড়ো যাত্ৰাৰ অসমৰ ৰাজ্যিক সমন্বয় ৰমেন চন্দ্ৰ বৰঠাকুৰে অহা 12আৰু13নৱেম্বৰত নলবাৰী জিলাত এই ভাৰত জোড়ো পদযাত্ৰা অভিযান চলাব বুলি জনায়। ধুবুৰীত হৈ যোৱা এই যাত্ৰাই আমাক অধিক অনুপ্ৰাণিত কৰিছে আৰু ৰাইজৰ মৰম আৰু আশীৰ্বাদে আমাক অধিক সবল কৰি তুলিছে বুলি মন্তব্য কৰে ৰমেন বৰঠাকুৰে। তেওঁ লগতে আৰু কয় যে অহা ১৮ নৱেম্বৰ পৰা আমি মৰিগাঁও জিলাত এই যাত্ৰা সৰ্বাত্মকভাৱে সফল কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছো। সেই দিনা মৰিগাঁও জিলাৰ সীমা গোৱৰ্ধনৰ পৰা যাত্ৰা আৰম্ভ কৰিম আৰু তাৰ পৰা বাৰপূজীয়ালৈকে চাৰিদিন ধৰি জিলাখনত উক্ত পদযাত্ৰা অব্যাহত থাকিব আৰু সৰ্বতোপ্ৰকাৰে আমাৰ এই দীৰ্ঘযাত্ৰা সফল কৰিম বুলি ৰমেন বৰঠাকুৰে কয়।

No comments