Breaking News

৩৫ *সংখ্যক নলবাৰী জিলা তথা আমন্ত্ৰণ মূলক* অসম কুং-ফু-উশ্চু প্ৰতিযোগিতা, সফল সমাপ্তি

 


ডিজিটেল সংবাদ, নলবাৰীঃ ৩৫ *সংখ্যক নলবাৰী জিলা তথা আমন্ত্ৰণ মূলক* অসম কুং-ফু-উশ্চু প্ৰতিযোগিতা, সফল সমাপ্তি ..  বাহাৰঘাট কুং-ফু  একাডেমীৰ উদ্যোগত আৰু নলবাৰী জিলা কুং-ফু সন্থাৰ সহযোগত তথা অসম কুং-ফু সন্থাৰ অধীনত "" 35 সংখ্যক নলবাৰী জিলা তথা আমন্ত্ৰণ মূলক অসম ভিত্তিত  ( লৰা-ছোৱালী )কুং-ফু -উশ্চু প্ৰতিযোগিতা খন  ....বাহাৰঘাট লখিমী খেল পথাৰ  এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় উক্ত খেলত নলবাৰী জিলাৰ উপৰিও বৰপেটা, বাক্সা, বজালী, কামৰূপ আৰু গুৱাহাটী মেট্ৰো জিলাৰ ১৯৬ গৰাকী লৰা ছোৱালী প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰে বুলি নলবাৰী জিলা কুং-ফু সন্থাৰ  সভাপতি চন্দন হালৈ আৰু সম্পাদক ধৰ্মেশ্বৰ হালৈ জানিবলৈ দিয়ে। উক্ত। এই খেল খন শুভ উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়া সংগঠক তথা উৱেট লিফ্টিং সন্থা উত্তৰ পূৰ্বাঞ্চলৰ সভাপতি পৰাগ চৌধুৰী দেৱে  লগতে আজিৰ বঁটা বিতৰণী সভাত উপস্থিত থাকে অসম কুং-ফু সন্থাৰ সাধাৰণ সম্পাদক পংকজ কুমাৰ দাস, কাৰ্য্যকাৰী সভাপতি চন্দন নাথ, উপসভাপতি বাবুল দাস, পাপুল দাস, উৎপল কলিতা, মনোজ বড়ো,সহ: সম্পাদক অভি দেউৰী,সঞ্জয় শৰ্মা, জয়ন্ত ঠাকুৰীয়া, অনামিকা ওজা, নলবাৰী জিলা , ক্ৰীড়া সন্থাৰ  কেৰম আৰু ফেনছিং সন্থাৰ সম্পাদক পাৰ্থ লহকৰ ,বিশিষ্ট ক্ৰীড়া সংগঠক বৰপেটাৰ হেলেন পাঠক,বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সহকাৰী সম্পাদক ভাস্কৰ ডেকা ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলাৰ সম্পাদক কৌশিক বৰ্মন । উক্ত খেলত লৰাৰ শাখাত কামৰূপ জিলাৰ অবিনাশ কলিতাই শ্ৰেষ্ঠ খেলুৱৈ আৰু ছোৱালী শাখাত  বৰপেটাৰ ৰীতা মণি দাস শ্ৰেষ্ঠ খেলুৱৈ  বঁটা লাভ কৰে । দলীয় ভাবে  বজালী জিলাই শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে আৰু বৰপেটা জিলাই দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে।                *

No comments