Breaking News

শিৱসাগৰৰ আমগুৰি দিখৌমুখ পুৰণি গুদামৰ এটা দুৰ্ভগীয়া পৰিয়াল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত

ডিজিটেল সংবাদ, শিৱসাগৰঃ..শিৱসাগৰৰ আমগুৰি দিখৌমুখ পুৰণি গুদামৰ এটা দুৰ্ভগীয়া পৰিয়াল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত টিনপাট আৰু কাপোৰৰ বেৰাদি দুৰ্বিষহ জীৱন অতিবাহিত, মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে অকণমান সহানুভূতিৰাজ্যত চলিছে উন্নয়ন আৰু বিকাশৰ ঢাকঢোল । এক মৰ্মান্তিক দৃশ্য । হয়, এই দৃশ্য শিৱসাগৰৰ আমগুৰি দিখৌমুখ পুৰণি গুদামৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে টিনপাট আৰু কাপোৰৰ বেৰাদি দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে ।এইগৰাকী বিধৱা মহিলা চাহেৰা বেগম । পোৱা নাই বিধবা পেঞ্চন অথবা অৰোণোদয় আঁচনি ।ইয়াৰোপৰি পোৱা নাই এটা প্ৰধানমন্ত্ৰী আৱাস গৃহও । ৰ'দত ৰ'দ আৰু বৰষুণ দিলেই পানীৰ মাজত ককবকাই বিনিদ্ৰ ৰজনী অতিবাহিত কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে । এই দৃশ্যই আপোনাৰো দুচকো কপাই তুলিব । যি সময়ত শাসনাধীস্ত চৰকাৰখনে ন-ন আঁচনি ৰূপায়ণৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালক সকাহ প্ৰদান কৰিছে । থিক তেনে সময়তে আমগুৰিৰ দিখৌমুখ পঞ্চায়তৰ এই দৰিদ্ৰ পৰিয়ালটোৱে আজি কোপতি কোনো চৰকাৰী আঁচনিয়ে স্পৰ্শ কৰা নাই । দুৰ্ভগীয়া পৰিয়ালটো এতিয়া দিশাহাৰা হৈ পৰিছে । সংবাদ-মাধ্যমৰ আগত হিয়াঢাকুৰি কান্দিছে মাতৃ, পুত্ৰই । এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে অকণমান সহানুভূতি

No comments