Breaking News

নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ তথা সৰ্বভাৰতীয় নৃত্য, নাট্য, লোকসংগীত মহোৎসৱ উদযাপন


ডিজিটেল, ডেস্কঃ 
নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ তথাসৰ্বভাৰতীয় নৃত্য, নাট্য, লোকসংগীত মহোৎসৱ   উদযাপনৰ বাবে সাধাৰণ সভা:- আজি দেৰগাঁও মাৰোৱাৰী ধৰমশালাত প্ৰথমখন সাধাৰণ সভা অনুষ্ঠিত হয় ।‌ বিশিষ্ট শিক্ষাবিদ প্ৰভাত ফুকনৰ দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখন আঁত ধৰে নৃত্যাঞ্জলী কলা কেন্দ্ৰৰ সঞ্চালক শান্তুমণি শৰ্মাই । মাৰোৱাৰী ধৰমশালাৰ প্ৰেক্ষাগৃহত অগণন লোকৰ উপস্থিতিত সফল ভাৱে সমাপন হয়, এখন শক্তিশালী উদযাপন সমিতি গঠন হয়। 2024 বৰ্ষৰ জানুৱাৰী মাহৰ 4,5,6,7 আৰু 8 তাৰিখে আমি দেৰগাঁও ত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিবলৈ আগবাঢ়িছো "সৰ্বভাৰতীয় নৃত্য, নাট্য, লোকসংগীত মহোৎসৱ আৰু নৃত্যাঞ্জলি বঁটা-2024"। অংগৰাগ পাপন মহন্ত, জুবিন গাৰ্গ আৰু কুসুম কৈলাশক নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ সভাত লগতে ভাৰতবৰ্ষৰ 9 খন ৰাজ্যৰ সাংস্কৃতিক সমন্বয় ঘটিব এই মহোৎসৱত । সকলোৰে আকুণ্ঠ সহযোগিতা আমি উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছো।এই সভাত দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়া চিৰঞ্জীৱ দাস , গোলাঘাট পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা , অসমৰ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক , সাহিত্যিক সমাজকৰ্মী নুৰুল চুলতান , বিশিষ্ট সমাজকৰ্মী অতুল মহন্ত , দেৱজিৎ ভূঞা , বিশিষ্ট ব্যৱসায়ীদ্বয় ৰাজুমণি হুচেইন , দিলৱাৰ হুচেইন, সদৌ অসম ছাত্ৰ সন্থাৰ সহঃ সম্পাদক অভিৱৰ্তন গোস্বামী , বিশিষ্ট সমাজসেৱিকা দ্বিপান্বিতা দুৱৰা , নৃত্যাঞ্জলী কলা কেন্দ্ৰৰ সভাপতি অনিল মহন্ত , দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ প্ৰবক্তা খীৰেশ্বৰ লইং দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী বিচিত্ৰ ভূষণ কলিতা, অৰণ্যম স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি সঞ্জীৱ হাজৰিকা , নৃত্যাঞ্জলী কলা কেন্দ্ৰৰ দেৰগাঁও , বোকাখাট , কছাৰীহাট , ৰঙাজান এই চাৰিওটা শাখাৰ প্ৰতিনিধি , নৃত্যাঞ্জলী কলা কেন্দ্ৰৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী , অভিভাৱক-অভিভাৱিকাৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে । ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত  পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলগীয়া এই বৃহৎ সাংস্কৃতিক অনুষ্ঠানৰ বাবে সৰ্বমুঠ ৭৫ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে । নৃত্যাঞ্জলী কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী উদযাপনৰ উদ্দেশ্যে আগত ৰাখি উপস্থিত ৰাইজৰ সৰ্বসন্মতিক্ৰমে অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগক  উদযাপন সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।‌ উল্লেখযোগ্য যে নৃত্যাঞ্জলী কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠানত অসম কণ্ঠ উপাধিৰে বিভূষিত অসমৰ বিশিষ্ট কণ্ঠশিল্পী কুসুম কৈলাশ , যুৱপ্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিৱেশন কৰিব । সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকি অনুষ্ঠান পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী অঙ্গৰাগ পাপন মহন্তই । উল্লেখযোগ্য যে এই অনুষ্ঠানতে ৮ ম সংখ্যক  "নৃত্যঞ্জলী বঁটা ২০২২" প্ৰদান কৰা হ'ব ।

No comments