Breaking News

গোলাঘাট জিলাৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘ, ফলঙণীৰ। শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাস লীলাৰ আয়োজন কৰিছে


 ডিজিটেল সংবাদ, নুমলীগডঃ 
ৰাজ্যৰ চৌদিশে এতিয়া মহাৰাসৰ মহা প্ৰস্তুতি।শৰতৰ নিশাই হাতবাউলি মাতিছে সকলোকে।ৰাস লৈ মাজত মাথোন কেইটামান পল বাকী। ৰাজ্যৰ সমান্তৰাল ভাৱে নুমলীগড়ৰ ভিন্ন প্ৰান্তত চলিছে মহা ৰাসৰ ব্যাপক প্ৰস্তুতি । এই দৃশ্য গোলাঘাট জিলাৰ সমাজ কল্যাণ সাংস্কৃতিক  সংঘ, ফলঙণীৰ। অঞ্চলটোৰ শিশুৰ পৰা আৰম্ভ কৰি পুৰুষ,মহিলা,যুৱক যুৱতী সকলো একেলগ হৈ দুদিনীয়াকৈ আয়োজন কৰিছে শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাস লীলাৰ । ১৯৮২ চনৰ পৰাই সংঘটোত আয়োজন কৰি আহিছে ৰাস । এই বাৰ এই ৰাসৰ মূখ্য আকৰ্ষণ  জনপ্ৰিয় অসমীয়া ধাৰাবাহিক ভাড়াঘৰ মুন  খ্যাত দেবাশীষ বৰঠাকুৰ আৰু  আৰু বেহাৰবাৰী আউটপষ্টৰ নেহা  খ্যাত অংগুস্মিতা গগৈ । ইতিমধ্যে ৰাসৰ প্ৰাক ক্ষণত  জনপ্ৰিয় অভিনেতা অভিনেত্ৰী দুয়োগৰাকীকে শেষ আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হল সমাজ কল্যাণ সাংস্কৃতিক সংঘ ফলঙনীৰ প্ৰেক্ষাগৃহত।

No comments