Breaking News

সমগ্ৰ ৰাজ্যৰ লগতে আজিৰে পৰা কৰঙাতো আৰম্ভ হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা


 ডিজিটেল, ডেস্কঃ সমগ্ৰ ৰাজ্যৰ লগতে আজিৰে পৰা কৰঙাতো আৰম্ভ হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা ৷ সদৌ কৰঙা ৰাসোৎসৱ সমিতিৰ উদ্যোগত  এইবাৰ ৫০ সংখ্যক বৰ্ষ  অথাৎ সোণালী জয়ন্তী বৰ্ষৰ বাবে অনুষ্ঠিত হৈছে ৰাসলীলা ৷ ১৯৭২ চনতে আৰম্ভ হোৱা ৰাসোৎসৱ এইবাৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৷ আজি পূৱা পতাকা উত্তোলনৰ পিছতে ৫০ গছি বন্তি প্ৰজ্বলন কৰে অনুষঠানটোৰ প্ৰাক্তন বিষয়ববীয়া আৰু শুভাকাংক্ষীসকলে ৷ ইয়াৰ পাছতে এটি বৰ্ণাধ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ প্ৰায় ৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা এই শোভাযাত্ৰাত সহস্ৰাধিক লোকে ভাগ লয় ৷ নিশা অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ৷ আনহাতে  ৮ আৰু ৯ নৱেম্বৰত অনুষ্ঠিত হ’ব শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা

No comments