Breaking News

ধুবুৰীত লেখিকা সন্থা অসমৰ লাৱণ্য হাজৰিকা আদর্শ মাতৃ বঁটা প্রদান অনুষ্ঠান


ডিজিটেল সংবাদ, ধুবুৰীঃ 
ধুবুৰীত লেখিকা সন্থা অসমৰ লাৱণ্য হাজৰিকা আদর্শ মাতৃ বঁটা প্রদান অনুষ্ঠান লেখিকা সন্থা অসমৰ চতুৰ্দশ বাৰ্ষিক লাৱণ্য হাজৰিকা আদর্শ মাতৃ বঁটা প্রদান অনুষ্ঠানটি ধুবুৰীৰ পুলিচ ৰিজাৰ্ভ কমিউনিটি হ'লত অনুষ্ঠিত হয়। সংস্থাৰ সভাপতি মৃদুলা শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত সভা উদ্বোধন কৰে প্ৰাক্তন সভানেত্রী মঞ্জুলা শর্মা ভট্টাচার্যই। প্রধান সম্পাদক বিজয়াদেৱ দাসৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা সভাখনত প্রথমেই লাৱণ্য হাজৰিকাৰ প্ৰতিকৃতিত শ্রদ্ধাঞ্জলি জনায় সংস্থা আৰু দাতা পৰিয়ালৰ সদস্যই। সুকণ্ঠী গায়িকা মালবিকা দিহিদাৰ শৰ্মাৰ বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত আদর্শ মাতৃ, সাহিত্যনুৰাগী শিক্ষয়িত্ৰী তথা সমাজসেবিকা বীনা শৰ্মাক বঁটাটি প্রদান কৰে

No comments