Breaking News

আম্বানিৰ চিৰিয়াখানা শুৱনি কৰিব অসমীয়াৰ স্বাভিমান আৰু অভিমানৰ প্ৰতীক গঁড়ে । আম্বানিৰ মনোৰঞ্জনৰ বাবে অসমীয়াৰ পৰিচয় গঁড়ে শুৱনি কৰিব আম্বানিৰ চিৰিয়াখানা ।

 


 ডিজিটেল ডেস্কঃ আম্বানিৰ চিৰিয়াখানা শুৱনি কৰিব অসমীয়াৰ স্বাভিমান আৰু অভিমানৰ প্ৰতীক গঁড়ে । আম্বানিৰ মনোৰঞ্জনৰ বাবে অসমীয়াৰ পৰিচয় গঁড়ে শুৱনি কৰিব আম্বানিৰ চিৰিয়াখানা । আম্বানিৰ চিৰিয়াখানা শুৱনি কৰাৰ পৰিকল্পনা অসমীয়াৰ স্বাভিমান আৰু অভিমানৰ প্ৰতীক গঁড়ে । আম্বানিৰ মনোৰঞ্জনৰ বাবে অসমীয়াৰ পৰিচয় গঁড়ে আম্বানিৰ চিৰিয়াখানা শুৱনি কৰিব।অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা সংগোপনে গঁড়ৰ পোৱালিসহ আন জীৱ-জন্তু সৰবৰাহৰ যো- জা চলাইছে ৰাজ্য চৰকাৰে। ইয়াৰ পিছতে  চিৰিয়াখানা সুৰক্ষা মঞ্চৰ লগতে একাধিক দল সংগঠন ক্ষোভিত হৈ পৰে।  ৰাজ্যিক চিৰিয়াখানাৰ পৰা জীৱ-জন্তু সৰবৰাহ বন্ধ কৰিবলৈ শুক্ৰবাৰে নিশালৈকে প্ৰতিবাদ সাব্যস্ত কৰে চিৰিয়াখানা সুৰক্ষা মঞ্চই। উল্লেখ্য যে শুক্ৰবাৰে চিৰিয়াখানাৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ জীৱ-জন্তু লৈ যাবলৈ সাজু কৰা হৈছিল বাহন। দিনৰ ৩বজাৰ পৰা উঠাই থকা হৈছে গঁড়, বান্দৰ, হৰিণা। ৪খনকৈ বৃহৎ বাহনত জীৱ-জন্তুসমূহ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল। মঞ্চৰ তীৱ আপত্তিত শুক্ৰবাৰে বিয়লিলৈ চিৰিয়াখানা কর্তৃপক্ষ‍ই সিদ্ধান্ত কিছু সলনি কৰিছিল। বন্যপ্রাণীসমূহ পোনে পোনে আম্বানিৰ চিৰিয়াখানালৈ নিয়াৰ পৰিবৰ্তে পাটনাৰ চিৰিয়াখানালৈ নিয়াৰ যাৱতীয় নথি-পত্র প্রস্তুত কৰে।  পৰৱৰ্তী সময়ত পাটনাৰ পৰা সেই জন্তুসমূহ আম্বানিৰ চিৰিয়াখানালৈ নিয়া হ'ব। লক্ষণীয় যে দৰ্শনাৰ্থীৰ বাবে চিৰিয়াখানা বন্ধ থকাৰ সুযোগত ডি এফ অ জনে নিজে উপস্থিত থাকি কোনো কৰ্মচাৰীকে ম'বাইল ফোন লগত ৰাখিব নিদিয়াকৈ সমূলি চোৰাংভাৱে এই কাম কৰা বুলিও মঞ্চই অভিযোগ উত্থাপন কৰে। এনে পৰিস্থিতিত মঞ্চই সংগোপনে ৰাজ্যিক চিৰিয়াখানাৰ পৰা জীৱ-জন্তু সৰবৰাহ বন্ধ কৰিবলৈ প্ৰবল জনমত গঢ়ি তুলিবলৈ সকলো দল-সংগঠনক আহ্বান জনায়।

No comments