Breaking News

সোণাৰি সমষ্টিত আঠ বছৰে সম্পূৰ্ণ নহল এখন দলঙৰ নিৰ্মাণ


ডিজিটেল সংবাদ, সোণাৰিঃ
 সোণাৰি সমষ্টিত আঠ বছৰে সম্পূৰ্ণ নহল এখন দলঙৰ নিৰ্মাণ চৰাইদেউ জিলা সোণাৰি সমষ্টিৰ সৈতে মাহমৰা সমষ্টি সংযোগী দিচাং নদীৰ ওপৰত নিৰ্মাণ কৰিব লোৱা এখন দলঙৰ কাম আজি ৮ বছৰে সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। সোণাৰিৰ পৰা বৰাহী বাগিছা, বৰাহী হেলকাটোপ, বনমালি হৈ মৰাণ, ডিব্ৰুগড় আদি ঠাই সংযোগী পথটোত দিচাং নদীৰ ওপৰত ২০১৪ চনতে এখন পকী দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। মুন বৰদলৈ নামৰ এজন ঠিকাদাৰে দলং খনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল। আৰম্ভণিৰে পৰা ঠিকাদাৰজনে ময়মতালিৰে অতি লেহেমীয়া গতিৰে দলংখনৰ নিৰ্মাণ কাৰ্য আগবঢ়াই নিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে আজি পৰ্যন্ত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ নহল। ইয়াৰ ফলত এতিয়া স্থানীয় জনসাধাৰণৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। 

No comments