Breaking News

বৰ্ষাৰণ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰশিক্ষণৰ সফল সমাপ্ত ।

 


ডিজিটেল সংবাদ, যোৰহাটঃ
বৰ্ষাৰণ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয়  পৰ্য্যায়ৰ প্ৰশিক্ষণৰ সফল সমাপ্ত যোৰহাট ১৯ নৱেম্বৰ -যোৰহাটস্থ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত ১৪ নৱেম্বৰ ২০২২ তাৰিখৰ পৰা ভাৰতীয় বন সেৱা বিষয়াৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰশিক্ষণ ১৮ নৱেম্বৰত সফল সমাপ্তি ঘটে । সাধাৰণ ৰাইজৰ আজীৱীকাৰ কাৰণে বাঁহৰ উন্নয়ণ শীৰ্ষক প্ৰশিক্ষণত ভাৰতৰ ১২ খন ৰাজ্যৰ ২০ বন বিষয়াই এই প্ৰশিক্ষণ গ্ৰহণ কৰে । ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু  পৰিবৰ্তন মন্ত্ৰালয়ৰ অৰ্থ সাহাৰ্যত অনুষ্ঠিত প্ৰশিক্ষণ উদ্ধোধন কৰে যোৰহাট ৰাষ্ট্ৰীয় নক্সা প্ৰতিষ্ঠানৰ অসমৰ সঞ্চালক অধ্যাপক ভি ৰবিশংকৰে । প্ৰতিষ্ঠানটোৰ জেষ্ঠ বিজ্ঞানী  পাঠ্যক্ৰম পৰিচালক ৰাজীৱ কুমাৰ কলিতাই আদৰণি ভাষণ আগবঢ়োৱাৰ উপৰিও পাঁদিনীয়া প্ৰশিক্ষণটো পৰিচালনা কৰে ।  প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বৰ্ণিহাটৰ বেত আৰু বাঁহ উন্নয়ণ  পৰিষদৰ ড' তিলক চন্দ্ৰ ভূঞা , মণিপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড' লাল বিহাৰী সিংহ , নুমলীগড় অসম জৈৱ শোধনাগাৰৰ মূখ্য কায্যবাহী বিষয়া অনুপ কুমাৰ বৰুৱা , প্ৰতিষ্ঠানৰ সঞ্চালক ড' ৰাজীৱ কুমাৰ বৰা , গুৱাহাটীৰ কৃষ্ণা শৰ্মা , প্ৰতিষ্ঠানৰ মূখ্য কাৰিকৰী বিষয়া ড' ৰুণুমী দেৱী বৰঠাকুৰ , ত্ৰিপুৰাৰ ড' অভিনৱ কান্ত , যোৰহাটৰ স্থপতীবিদ প্ৰিয়মবল্লভ গোস্বামী , বাংগালোৰৰ ড' বিপিন কুমাৰ চাওলাই বাঁহৰ সকলো দিশ সামৰি প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰে । প্ৰশিক্ষণৰ মাজতে মাজুলীৰ চামগুৰী সত্ৰৰ বিখ্যাত মূখা শিল্পৰ সম্পৰ্কতো  কিছু কথাৰ বুজ লয় । প্ৰশিক্ষাৰ্থী সকলে মাজুলীৰ মূখা শিল্পৰ লগতে মাজুলীৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশ চাই আপ্লুত হোৱাৰ উপৰিও নিৰ্মীয়মান যোৰহাট মাজুলী সংযোগী দলঙৰো বুজ লয় । প্ৰশিক্ষাৰ্থী সকলে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য পৰিদৰ্শন কৰি বিখ্যাত এশিঙীয়া গড়ৰ আদি অনান্য জীৱ জন্ত দেখিও আপ্লুত হৈ পৰে । প্ৰশিক্ষণৰ অন্তত ১৮ নৱেম্বৰ তাৰিখত প্ৰশিক্ষণৰ সামৰণিত সকলোকে একোখনকৈ মানপত্ৰ প্ৰদান কৰে ।

No comments