Breaking News

অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত স্মাৰ্ট টিভি, ডিজিটেল ক্লাচৰূমৰ ব্যৱস্থা।


ডিজিটেল সংবাদ, মেৰাপানীঃ
 যি সময়ত ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ দুৰৱস্থা হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে তেনে সময়তে গোলাঘাটৰ পূৱ শিক্ষাখণ্ডৰ অন্তৰ্গত আঠখেলীয়া সমল কেন্দ্ৰৰ অধীনৰ কেইবাখনো বিদ্যালয়ে ব্যতিক্ৰমী পদক্ষেপেৰে সক্ষম হৈছে উজ্বলিবলৈ।  অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত স্মাৰ্ট টিভি, ডিজিটেল ক্লাচৰূমৰ ব্যৱস্থা। চৰকাৰী আঁচনি অথবা বিত্তীয় অনুদানেৰে নহয় বিদ্যালয়ৰ আন্তঃগাঁথনিৰ টকাৰে শিক্ষা বিষয়াৰ তৎপৰতাত গ্ৰহণ কৰিছে ডিজিটেল পদ্ধতিৰে পাঠদানৰ কাৰ্যসূচী। হয়, যি সময়ত ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষাদান নিম্নমানৰ বুলি অভিহিত কৰি বহু অভিভাৱকে নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত পঢ়োৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে তেনে সময়তে গোলাঘাট পূৱ শিক্ষা খণ্ডৰ অন্তৰ্গত আঠখেলীয়া সমল কেন্দ্ৰৰ অধীনৰ দহখনকৈ বিদ্যালয়ে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। আঠখেলীয়া সমল কেন্দ্ৰৰ অধীনৰ বচা প্ৰাথমিক বিদ্যালয়,দ-বৰাহী প্ৰাথমিক বিদ্যালয়, গোৱালজান প্ৰাথমিক বিদ্যালয়,আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়কে আদি কৰি সমল কেন্দ্ৰটোৰ অন্তৰ্গত সৰ্বমুঠ দহখনকৈ বিদ্যালয়ত আৰম্ভ হৈছে ডিজিটেল ক্লাছ ৰূমৰ ব্যৱস্থা। গোলাঘাটৰ জিলা শিক্ষা বিষয়া ড° সমীৰণ বৰা আৰু পূৱ শিক্ষা খণ্ডৰ খণ্ড বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত আঠখেলীয়া সমল কেন্দ্ৰৰ সমন্বয়ক গিৰিন্দ্ৰ বৰাৰ তত্বাবধানত বিদ্যালয়সমূহত প্ৰৱৰ্তন কৰা হৈছে ডিজিটেল ক্লাছ ৰূমৰ ব্যৱস্থা। যাৰ বাবে এতিয়া ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে বিদ্যালয় কেইখনত। অতি সহজ পদ্ধতিৰে পাঠদান কৰাৰ ফলত পঢ়াৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ মনোযোগ বৃদ্ধি পোৱাৰ লগতে আগ্ৰহী হৈ পৰিছে ডিজিটেল শিক্ষাৰ প্ৰতি। ইফালে অতি শীঘ্ৰেই জিলাখনৰ প্ৰতিখন চৰকাৰী বিদ্যালয়তে ডিজিটেল ক্লাছ ৰূমৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে খণ্ড শিক্ষা বিষয়া মনোজ বৰুৱাই। নতুন পদ্ধতিৰে ছাত্ৰ ছাত্ৰীক শিক্ষা দান কৰি উপকৃত হোৱা বুলি মন্তব্য কৰে আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়েও। 


No comments