Breaking News

নুমলীগড়ৰ মৰঙি মৌজাৰ ন ন অঞ্চললৈ সম্প্ৰসাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷


 ডিজিটেল সংবাদ, নুমলীগডঃ 
নুমলীগড়ৰ মৰঙি মৌজাৰ ন ন অঞ্চললৈ সম্প্ৰসাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱত ত্ৰাহি মধুসুদন সুৱঁৰিছে গঞাই ৷ মঙলবাৰে উৰে নিশা মৰঙিৰ তেলীয়া গাওঁ, ধলাকছাৰীকে আদি কৰি কেবাখনো গাৱঁৰ ধাননি পথাৰ , বাৰী- ঘৰ তহিলং কৰাৰ পিছত বুধবাৰে হাবি গাঁৱ, পৰজাবস্তি, পোৰাজংঘল, হালধিবাৰী, গৰঙা আদি অঞ্চলত উপদ্ৰৱ চলাই ৭০-৮০জনীয়া  এটা হাতীৰ জাকে নিদ্ৰা হৰিছে ৷ বৰ্তমান উদয়ন চাহ বাগিছাৰ পথৰ কাষতে আশ্ৰয় গ্ৰহণ কৰি হাতীৰ জাকটোৱে একপ্ৰকাৰ আতংকিত কৰি তুলিছে অঞ্চলবাসীক ৷ যাৰ ফলত বিদ্যালয়লৈ অহা বিদ্যাৰ্থী সকল পুণৰ ঘৰমুৱা হৈছে ৷ আতংকিত অঞ্চলবাসীয়ে নিজৰ সন্তানক বিদ্যালয়লৈ পঠোৱাৰ ক্ষেত্ৰত শংকিত হৈ পৰিছে ৷ বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাইয়ো অধিক চিন্তিত কৰিছে মৰঙিবাসী ৰাইজক ৷

No comments