Breaking News

মেৰাপানীত চাকৰিৰ ভুৱা বিজ্ঞাপন দি নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰা এটা চক্ৰ উৎখাত।


 ডিজিটেল সংবাদ, মেৰাপানীঃ 
মেৰাপানীত চাকৰিৰ ভুৱা বিজ্ঞাপন দি নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰা এটা চক্ৰ উৎখাত। এটা ব্যক্তিগত কোম্পানীৰ নামত মেৰাপানী  চিকিৎসালয়ত খালী পদ পূৰণৰ বাবদ ভুৱা বিজ্ঞাপন দি নিযুক্তিৰ নামত ২০০০ টকাকৈ সংগ্ৰহ কৰিছিল চাৰিজন যুৱকে। ভাৰত ৰিভাইভ ইণ্ডাষ্ট্ৰিয়েল ছলুশ্বনচ প্ৰাইভেট লিমিটেড নামত প্ৰকাশ কৰিছিল বিজ্ঞাপন। দুষ্ট চক্ৰটোৱে নিযুক্তিৰ বিজ্ঞাপন বিভিন্ন স্থানত আঁৰি প্ৰচাৰ চলাইছিল নিযুক্তিৰ।  ঘটনাক লৈ মেৰাপানীত চাঞ্চল্য। এই সন্দৰ্ভত ধুবুৰী আৰু গোৱালপাৰাৰ চাৰিজন যুৱকক সোধপোচৰ বাবে আটক মেৰাপানী আৰক্ষীৰ। আটকাধীন যুৱক কেইজন ক্ৰমে ধুবুৰীৰ হাফিজুৰ ৰহমান, দেৱাশীষ ৰায়, নৃত্যানন্দ বৰ্মন আৰু গোৱালপাৰাৰ হামিদুল হক। ধৃত যুৱক কেইজনে যোৱা ২৬ অক্টোবৰৰ পৰা মেৰাপানীত বাহৰ পাতি বিভিন্ন যুৱক যুৱতীৰ পৰা সংগ্ৰহ কৰিছিল ধন। 

No comments