Breaking News

শিৱসাগৰৰ আমগুৰিত আধাৰ কাৰ্ডকলৈ বিপাঙত এক নং চিন্তামণি গড়ৰ প্ৰায় দুই শতাধিক পৰিয়াল আজি তিনি বছৰে লাভ কৰা নাই আধাৰ কাৰ্ড

 


ডিজিটেল সংবাদ, শিৱসাগৰঃ 
শিৱসাগৰৰ আমগুৰিত আধাৰ কাৰ্ডকলৈ বিপাঙত এক নং চিন্তামণি গড়ৰ প্ৰায় দুই শতাধিক  পৰিয়ালএন আৰ চি প্ৰক্ৰিয়া চলি থকাৰ সময়তে বায়মেট্ৰিক দিয়া সেই সকল লোকে আজি তিনি বছৰে লাভ কৰা নাই আধাৰ কাৰ্ড ২০১৯ চনতে এন আৰ চি প্ৰক্ৰিয়া চলি থকাৰ সময়তে যি সকল লোকে আধাৰৰ বাবে বায়মেট্ৰিক দিছিল সেই সকল লোকে আজি তিনি বছৰে লাভ কৰা নাই আধাৰ কাৰ্ড । শিৱসাগৰৰ আমগুৰিত আধাৰ কাৰ্ডকলৈ বিপাঙত এক নং চিন্তামণি গড়ৰ প্ৰায় দুই শতাধিক  পৰিয়াল । বৰ্তমান প্ৰায়বোৰ চৰকাৰী কামত আধাৰ কাৰ্ড প্ৰয়োজন হোৱাত এই সকল লোকে আধাৰ কাৰ্ড জমা দিব নোৱাৰাত লোক সকল বিপদত পৰিছে । তদুপৰি আধাৰ কাৰ্ড নথকাৰ বাবেই দৰিদ্ৰ লোকৰ বাবে অহা বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব লগাত পৰিছে এক নং চিন্তামণি গড়ৰ দুই শতাধিক পৰিয়াল । আধাৰ কাৰ্ড নোপোৱা দুই শতাধিক পৰিয়ালে আধাৰ কাৰ্ডৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰ অনতি পলমে জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰিব বুলি সংবাদ-মাধ্যমৰ আগত জানিব দিয়ে ।

No comments