Breaking News

নুমলীগড়ৰ মৰঙিত শালি ধানৰ পথাৰত দিনে নিশাই বন্যহাতীৰ উপদ্ৰৱ



ডিজিটেল সংবাদ, নুমলীগডঃ  নুমলীগড়ৰ মৰঙিত শালি ধানৰ পথাৰত দিনে নিশাই বন্যহাতীৰ উপদ্ৰৱ ৷ অস্তিত্বহীন বন বিভাগ ৷ নুমলীগড়ৰ মৰঙিত বিগত দুটা মাহৰো অধিক কাল মৰঙি মৌজাৰ ভিন্ন প্ৰান্তৰত বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাহি মধুসুদন সুৱঁৰিছে কৃষক ৰাইজে ৷ কেইদিনমানৰ আগলৈকে নিশাৰ ভাগত ধাননি পথাৰত ধান খাই দিনৰ ভাগত পথাৰৰ পৰা কাষৰীয়া চাহ বাগিচা অথবা হাবিত আশ্ৰয় লৈছিল যদিও যোৱা দুটা দিনত দিনে নিশাই হাতীৰ এটা জাক দুটা ভাগত বিভক্ত হৈ নিগাজীকৈ ধাননি পথাৰতে থাকি এফালৰ পৰা ধাননি তহিলং কৰিছে ৷ বকিয়াল বন বিভাগক ৰাইজে অবগত কৰাৰ পিছতো চকু মুদা কুলিৰ ভাৱঁত বন বিভাগ ৷ ৰাইজে বন বিভাগৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ ৷ হাজাৰ হাজাৰ বিঘা খেতি মাটিত খেতি নকৰাৰ ফলত ক্ৰমান্বয়ে মানুহৰ খাদ্যৰ নাটনি হোৱাৰো এক উপক্ৰম হৈছে কৃষক পৰিয়ালৰ ৷ হাতীয়ি নষ্ট কৰা খেতিৰ ক্ষতি পূৰণৰ নামত ফুটাকড়ি এটাও আজি পৰ্যন্ত পোৱা নাই কৃষকে ৷ নামবৰ - দৈগ্ৰোং বন্যপ্ৰাণী সংৰক্ষিত অভয়াৰণ্যৰ হাজাৰ হাজাৰ হেক্টৰ অবৈধ বেদখল উচ্ছেদ কৰি খেতিয়কক সকাহ দিয়াৰ দাবী জনাইছে ৰাইজে ৷ সময় অতীত হৈ গলে যিকোনো সময়ত হাতী আৰু মানুহৰ এই অঞ্চল সমুহত এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হব ৷

No comments