Breaking News

অসমৰ ক্ৰীড়া জগতৰ অন‍্যতম পুৰণি দীৰ্ঘ দূৰত্বৰ ’কলিয়াভোমোৰা মাৰাথন দৌৰ’ প্ৰতিযোগিতা অনুষ্ঠিত কলিয়াবৰত।


ডিজিটেল সংবাদ, কলিয়াবৰঃ 
অসমৰ ক্ৰীড়া জগতৰ অন‍্যতম পুৰণি দীৰ্ঘ দূৰত্বৰ  ’কলিয়াভোমোৰা মাৰাথন দৌৰ’ প্ৰতিযোগিতা অনুষ্ঠিত কলিয়াবৰত।কলিয়াবৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত হয় কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা।মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই বিগত বৰ্ষৰ দ্বৰে এই বৰ্ষতো আয়োজন কৰে শ্বহীদ দিৱস ।এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এই বৰ্ষতো আয়োজন কৰে ৩৪ সংখ্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা ।পুৱা ৫ বাজি ৩০ মিনিটত কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হয় প্ৰায় ৩৫ কিঃমিঃ দূৰত্বৰ এই প্ৰতিযোগিতা।১০০ ত কৈয়ো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত।গুৱাহাটী, নগাঁও , তেজপুৰ, শিৱসাগৰকে  ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১০০তকৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই মাৰাথন দৌৰ প্ৰতিযোগিতাত।এই মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে বকোৰ ছানিদুল ইছলাম , গহপুৰৰ বিজন্ত খাড়ীয়া আৰু গোলাঘাটৰ তৃষেশ্বৰ কুৰ্মী ।


No comments