Breaking News

আজিৰে পৰা গোলাঘাটত আৰম্ভ হ’ল ‘গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা- ২০২২

 

আজিৰে পৰা গোলাঘাটত আৰম্ভ হ’ল ‘গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা- ২০২২'। অগ্ৰণী বেচৰকাৰী সংগঠন ভক্স পপুলীৰ উদ্যোগত আৰু গোলাঘাট জিলা প্রশাসন তথা বিভিন্ন দল-সংগঠনৰ সহযোগত আজিৰে পৰা সমন্বয় ক্ষেত্ৰত দহ দিনীয়াকৈ অনুষ্ঠিত হৈছে ষষ্ঠ দ্বি-বার্ষিক ‘গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা- ২০২২'। আজি গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ আনুষ্ঠানিক উদ্বোধন কৰে ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাই। ইয়াৰ পিছতেই নুমলীগড় শোধনাগাৰৰ প্ৰকল্পৰ মহাপ্ৰবন্ধক ড° কাজল শ‍ইকীয়াই বন্তি প্ৰজ্বলনেৰে সমগ্ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, বিধায়কদ্বয় মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন আদি উপস্থিত থাকে ।

No comments