Breaking News

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগ আৰু কেশৱ হাজৰিকা শৈক্ষিক-সাংস্কৃতিক ন্যাসৰ যৌথ উদ্যোগত আজি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী ভৱনত অনুষ্ঠিত হয়


 ডিজিটেল সংবাদ, টিয়কঃ
 : চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগ আৰু কেশৱ হাজৰিকা শৈক্ষিক-সাংস্কৃতিক ন্যাসৰ যৌথ উদ্যোগত আজি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী ভৱনত অনুষ্ঠিত  এটি অনুষ্ঠানত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ ভূতপূৰ্ব মুৰব্বী, নাট্য সংগঠক, অভিনেতা, নাট্যপ্ৰাণ, সৰবৰহী ব্যক্তি কেশৱ হাজৰিকাৰ ওপজা দিন উপলক্ষ্যে 'কেশৱ হাজৰিকা অনুপ্ৰেৰণামূলক বৃত্তি' প্ৰদান কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিজয় কৃষ্ণ পাচনীয়ে মুখ্য অতিথি, ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্যই বিশিষ্ট অতিথি, টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিৰেন শৰ্মা পাঠক, বিশিষ্ট শিক্ষাবিদ হিমেন ভট্টাচাৰ্য, টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া আৰু টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি প্ৰান্তনু দত্ত, কেশৱ হাজৰিকা শৈক্ষিক-সাংস্কৃতিক ন্যাসৰ সভাপতি চুচন চন্দ্ৰ গগৈ, কেশৱ হাজৰিকাৰ মাতৃ পদ্মা হাজৰিকা, শাহু পুতুল গগৈয়ে সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়ায় অসমীয়া বিভাগৰ মুৰব্বী তথা কেশৱ হাজৰিকা শৈক্ষিক-সাংস্কৃতিক ন্যাসৰ সঞ্চালক ড° কৰবী গগৈয়ে। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° জয়ন্ত পাঠকে আঁত ধৰা অনুষ্ঠানটোত অসমীয়া বিভাগৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত পিএইচ.ডি. ডিগ্ৰীৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা ববিতা গগৈক প্ৰদান কৰা হয় 'কেশৱ হাজৰিকা অনুপ্ৰেৰণামূলক গৱেষণা বৃত্তি'। এককালীনভাৱে প্ৰদান কৰা এই বৃত্তিত আছে দহ হাজাৰ টকাৰ চেক, অভিনন্দন পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু গামোচা। আনহাতে অসমীয়া বিভাগৰ প্ৰতি বৰ্ষৰ শ্ৰেষ্ঠ স্নাতকক প্ৰদান কৰা বৃত্তিটো প্ৰথম বৰ্ষত ২০১৯-২০ বৰ্ষৰ বাবে পৰিস্মীতা শইকীয়া, ২০২০-২১ বৰ্ষৰ বাবে মৌকুঁহি বৰুৱা আৰু ২০২১-২০২২ বৰ্ষৰ বাবে প্ৰীতি বুঢ়াগোহাঁইক প্ৰদান কৰে। এককালীনভাৱে প্ৰদান কৰা এই বৃত্তিত আছে পাঁচ হাজাৰ টকাৰ চেক, অভিনন্দন পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু গামোচা। অতিথিসকলে সৰ্বজন প্ৰিয় ব্যক্তি তথা কৃতী অধ্যাপক কেশৱ হাজৰিকাৰ গুণ আৰু কৰ্ম সম্পৰ্কে আলোকপাত কৰি ভাষণ আগবঢ়ায়। মুখ্য অতিথি ড° বিজয় কৃষ্ণ পাচনীয়ে কয় যে কেশৱ হাজৰিকা আছিল মহাবিদ্যালয়খনৰ অন্যতম সম্পদ। হিমেন ভট্টাচাৰ্যই তেওঁৰ ভাষণত কয় : "মানুহে উত্তৰ পুৰুষলৈ এৰি থৈ যোৱা ডাঙৰ আৰু মূল্যবান সম্পত্তিবিধেই হ'ল - মূল্যবোধ। কেশৱে তেনে সম্পত্তিকে এৰি গৈছে বুলি মই জানো। সেয়ে মই তেওঁক সন্মান কৰোঁ। তেওঁ সন্মানৰ যোগ্য।" কেশৱ হাজৰিকাৰ সহধৰ্মিনী ড° কৰবী গগৈয়ে কেশৱ হাজৰিকাৰ ওপজা দিন উপলক্ষ্যে মহাবিদ্যালয়ৰ শিৱৰাম বৰা কেন্দ্ৰীয় গ্ৰন্থাগাৰ আৰু অসমীয়া বিভাগৰ গ্ৰন্থাগাৰলৈ গ্ৰন্থৰ টোপোলা আগবঢ়ায়। অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও বিভাগৰ গ্ৰন্থাগাৰলৈ অনুষ্ঠানটোতে গ্ৰন্থৰ টোপোলা আগবঢ়ায়। মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই কেশৱ হাজৰিকাৰ নামত বৰ্ষশ্ৰেষ্ঠ শিক্ষক বঁটাটি প্ৰদান কৰি অহাৰ বাবে ড° কৰবী গগৈয়ে অধ্যক্ষ ড° বিজয় কৃষ্ণ পাচনীক কৃতজ্ঞতা পত্ৰ প্ৰদান কৰে। বৃত্তি গ্ৰহণ কৰি চাৰিওগৰাকী কৃতী ছাত্ৰীয়ে কেশৱ হাজৰিকাৰ প্ৰেৰণা আৰু শিক্ষাদান অননুকৰণীয় শৈলীৰ প্ৰশংসা কৰে। অনুষ্ঠানটিতে তৎকালীনভাৱে কেশৱ হাজৰিকাৰ কৃতি সম্পৰ্কে এটি অনন্য কবিতা ৰচনা কৰে কৃতি শিক্ষক তথা লেখক হিমেন ভট্টাচাৰ্যই আৰু কবিতাটো পাঠ কৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° জয়ন্ত পাঠকে। অনুষ্ঠানটোত স্থানীয় বহুকেইজন সন্মানীয় ব্যক্তি, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল, কৰ্মচাৰীবৃন্দ, ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

No comments