Breaking News

চৰাইদেউ মৈদামৰ ভূমি বেদখল সন্দৰ্ভত প্ৰকাশিত বাতৰিৰ বিৰুদ্ধে সংবাদ মেল


 ডিজিটেল সংবাদ, সোণাৰিঃ 
চৰাইদেউ মৈদামৰ ভূমি বেদখল সন্দৰ্ভত প্ৰকাশিত বাতৰিৰ বিৰুদ্ধে সংবাদ মেল অসমৰ একাংশ সংবাদ পত্ৰত চৰাইদেউ মৈদামৰ ভূমি বেদখল কৰা সন্দৰ্ভত প্ৰকাশিত এটা বাতৰিৰ বিৰুদ্ধে সৰব হৈ একাধিক দল সংগঠনে আজি মৈদামক্ষেত্ৰত এক সংবাদ মেল অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে, চৰাইদেউ মৈদাম এলেকাত জৰীপ চলোৱা জনৈক জাকিৰুল আলম নামৰ লোকজনক চৰাইদেউ মৈদাম এলেকাত জৰীপ চলোৱা সূত্ৰে একাংশ বেদখলকাৰীয়ে প্ৰাণনাশৰ ভাবুকি দিয়া বুলি বাতৰি প্ৰকাশ হোৱা ঘটনাটোত আজি সৰব হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ তাই আহোম ছাত্র সন্থা, টাই আহোম যুৱ পৰিষদ অসম, আটছা, আহোম সেনা, যুৱ ছাত্ৰ পৰিষদ, বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ সংৰক্ষণ আৰু উন্নয়ণ মঞ্চ আদি কৰি একাধিক সংগঠনৰ বিষয়ববীয়াই। মনকৰিবলগীয়া যে জাকিৰুল আলম নামৰ লোকজনে শাসকীয় দলৰ এগৰাকী বিধায়কৰ ছত্ৰছায়াত একাংশ লোকে ঐতিহাসিক চৰাইদেউ মৈদাম এলেকাত বেদখল অব্যাহত ৰাখিছে বুলি অভিযোগ অনালৈ চাই এই অভিযোগ তথ্য সহকাৰে ডাঙি ধৰিবলৈ আজিৰ সংবাদ মেলত সজোৰে দাবী জনোৱা হয়। উল্লেখ্য যে ঐতিহাসিক চৰাইদেউ মৈদাম এলেকাত বহু বছৰ পূৰ্বে বেদখল চলিছিল। এনে বেদখল কাৰীৰ কবলৰ পৰা ২৬ বিঘা মাটি নিজস্ব ভাৱে ক্ৰয় কৰি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই ভূমি ভাগ ৰাজ্যিক পুৰাতাত্বিক বিভাগৰ হাতত অৰ্পণ কৰি দিছে। ইয়াৰ পাছত  বিধায়ক গৰাকীৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ সংশ্লিষ্ট লোকজনে সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে চৰাইদেউৰ স্বয়ম্ভূ গৰাকী হবলৈ গৈ যি অপপ্ৰচাৰ চলাবলৈ তৎপৰ হৈছে সেয়া জাতীয় দল সংগঠন সমূহে কোনো কাৰণতে সহ্য নকৰে বুলি আজিৰ সংবাদ মেলখনত স্পষ্ট কৰি দিয়ে। ইফালে ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰ বিশ্ব ঐতিহ্য থলী হিচাপে চিহ্নিত হোৱাৰ প্ৰাক্ ক্ষণত মৈদামক্ষেত্ৰৰ গৰিমা ম্লান কৰাৰ লগতে এক বিভ্ৰান্তিমূলক পৰিবেশ সৃষ্টি কৰিব বিচৰা কাৰ্যক ক্ষুৰধাৰ সমালোচনা কৰি আজিৰ সংবাদ মেলত উপস্থিত থকা প্ৰতিটো দল সংগঠনৰ বিষয়ববীয়াই এনে নিকৃষ্ট অপপ্ৰচাৰ চলোৱা কাৰ্যৰ পৰা বিৰত থাকিবলৈ উক্ত লোকজনক সংবাদ মেল যোগে সকিয়াই দিয়ে।

No comments