Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~অষ্টম খণ্ড



                           মালবিকা শৰ্মা, ভুবনেশ্বৰ


দিনবোৰ লাহে লাহে গৈ আছে। মই থকা ফ্লেটৰ ওপৰৰ ফ্লেটটোত কেইজনমান ল’ৰা থাকে। দিনৰ সময়ত পঢ়িবলৈ ওলাই যায় কাৰনেই শব্দবোৰ কম হৈ থাকে। ৰাতি হৈ আহে মানে সিহতৰ শব্দবোৰো বেছি হৈ আহে। গান, নাচ, চিঞৰ-বাখৰেদি গোটেই ৰাতিটো পাৰ হয়। ক’ৰ ল’ৰা, পঢ়িবলৈ আহি এইদৰে মাক-দেউতাকৰ টকা-পইচা উৰুৱাই জীৱনটো উপভোগ কৰিব ধৰিছে। সিহতৰ বাবে জীৱন উপভোগ যদিও মোৰ দৰে বয়সীয়া সকলৰ বাবে এয়া জীৱনটো ধ্বংসৰ মুখলৈ আগবঢ়াই নিয়াহে।আজিকালিৰ সমাজত এই প্ৰজন্মগত ব্যৱধান বৰ বেছি  হৈ আহিছে। প্ৰজন্মৰ ব্যৱধান হৈছে দুটা দলৰ মানুহৰ মাজত থকা চিন্তাধাৰা আৰু বয়সৰ পাৰ্থক্য। ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ মাজত তথা যুৱক-যুৱতী আৰু তেওঁলোকৰ বয়োজ্যেষ্ঠসকলৰ মাজত আছে এই ব্যৱধান।

      প্ৰজন্মৰ ব্যৱধান এক অন্তহীন সামাজিক পৰিঘটনা।  প্ৰতিটো প্ৰজন্মই নিৰ্দিষ্ট পৰিস্থিতি আৰু নিৰ্দিষ্ট সময়ত জীয়াই থাকে। গতিকে, সকলো প্ৰজন্মৰ নিজস্ব মূল্যবোধ আৰু দৃষ্টিভংগীৰ দল থাকে।  প্ৰতিটো প্ৰজন্মই নিজৰ বিশ্বাস কৰা নীতিসমূহ ৰক্ষা কৰিব বিচাৰে।যুগ যুগ ধৰি চলি অহা ই এটা পৰম্পৰা। বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত জন্ম লোৱা লোকসকলে যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আহিছে তাৰ ওপৰত ভিত্তি কৰি নিজৰ মতামত ৰাখে। সময় অনুযায়ী জীৱনৰ আৰ্হিবোৰ ধাৰাবাহিকভাৱে পৰিৱৰ্তিত হৈ আহিছে।  সকলোৱে নিজৰ মতে জীয়াই থাকিব বিচাৰে  আৰু কোনেও নিজৰ মূল্যবোধ আৰু দৃষ্টিভংগীৰ সৈতে আপোচ কৰিব নিবিচাৰে।  নৱ-বয়স্ক প্ৰজন্মৰ মনোভাৱ বা বুজাবুজিৰ অভাৱত সদায়েই পাৰ্থক্য দেখা গৈছে।  এই মনোভাৱে প্ৰজন্মৰ ব্যৱধান বৃদ্ধি কৰিছে আৰু ই দিনক দিনে বহল হৈ আহিছে। এই ব্যৱধানে এতিয়া আমাৰ জীৱনত ভুল ধৰণে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। 

    বৰ্তমান সময়ত সকলো বস্তুৰ দ্ৰুতগতিত পৰিবৰ্তন হ’ব ধৰিছে। যদিও নৱ প্ৰজন্ম কাৰিকৰীভাৱে উন্নত কিন্তু আৱেগ আৰু অপূৰণীয় ইচ্ছাৰ দুষ্ট চক্ৰত এই প্ৰজন্ম আবদ্ধ হৈ পৰিছে।  চিন্তাৰ জটিল জালত আবদ্ধ হৈ , যুৱক-যুৱতীসকলে প্ৰায়ে উদ্দেশ্য হেৰুৱাই যুৱক-যুৱতীসকলৰ মানসিক স্বাস্থ্যই এক ডাঙৰ চিন্তাৰ সৃষ্টি কৰিছে। পুৰণিচামে নিজৰ চিন্তাধাৰা আৰু পুৰনা সংস্কাৰখনিকেই মানি থাকিব বিচাৰিছে, সময়ৰ সৈতে আগবাঢ়ি যাবলৈ সক্ষম হোৱা নাই। আনপিনে, নতুনচামে নতুন চিন্তাধাৰা তথা নতুন ধৰনে যুগৰ সৈতে মিলি আগবাঢ়ি যাবলৈ আৰম্ভ কৰিছে যদিও পুৰণিচামক প্ৰত্যয় নিয়াব পৰা নাই। একে সময়তে পুৰণিচামে  উপদেশ দিয়া বা কামত হস্তক্ষেপ কৰাটোও নতুনচামে বিচৰা নাই।

       পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ বাবে মনত এটা নিৰ্দিষ্ট প্ৰতিচ্ছবি সৃষ্টি কৰে।  তেওঁলোকে নিজৰ সন্তানক নিজে ডাঙৰ-দীঘল হোৱা মূল্যবোধেৰে ডাঙৰ-দীঘল কৰিব বিচাৰে আৰু সন্তানৰপৰা একেখিনি মূল্যবোধ আশা কৰে।  অভিভাৱকসকলে বিচাৰে যে সন্তানে তেওঁলোকৰ মূল্যবোধ অনুসৰণ কৰি কাম কৰক, যিদৰে তেওঁলোকে বিশ্বাস কৰে, সেয়া তেওঁলোকৰ সুবিধাৰ বাবে আৰু তেওঁলোকৰ বাবে ভাল হ’ব। প্ৰজন্মৰ এই চিন্তা তথা দৃষ্টিভংগীৰ ব্যৱধান এৰাই চলিব নোৱাৰি।  ব্যৱধান কমোৱাৰ বাবে দুয়োটা প্ৰজন্মৰ মানুহে চেষ্টা কৰি এটা সুসম্পৰ্ক গঢ়ি তুলিব লাগে আৰু এই প্ৰজন্মৰ ব্যৱধান হ্ৰাস কৰিব লাগে। প্ৰজন্মগত এই ব্যৱধান আতৰোৱাটো বৰ কঠিন হৈ পৰিছে।

(আগলৈ)

No comments