Breaking News

চিৰাঙৰ বিজনী মহাবিদ্যালয়ৰ সন্মুখত বুধবাৰে ছাত্ৰ-ছাত্ৰী সকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।


ডিজিটেল সংবাদ, চিৰাংঃ
চিৰাঙৰ বিজনী মহাবিদ্যালয়ৰ সন্মুখত বুধবাৰে ছাত্ৰ-ছাত্ৰী সকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। পুৱা ১১ বজাৰ পৰা দুঘন্টীয়াকৈ অনুষ্ঠিত হয় এই ধৰ্ণা কাৰ্যসূচী। বিজনী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আহ্বান মৰ্মে মহাবিদ্যালয়ৰ খনৰ তৃতীয় সান্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। ইফালে এই কাৰ্যসূচীত বল্লামগুৰী বডোলেণ্ড মহাবিদ্যালয়ৰ তৃতীয় সান্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলে সহযোগ কৰে।কোকৰাঝাৰ বডোলেণ্ড বিশ্ববিদ্যালয়ে ঘোষণা কৰা বিগত ২০২০ বৰ্ষৰ তৃতীয় সান্মাসিকৰ পৰীক্ষাৰ ফলাফলত গাফিলতি কৰাৰ প্ৰতিবাদত ৰূপায়ন কৰা হয় এই ধৰ্ণা কাৰ্যসূচী। উল্লেখ্য বিজনী মহাবিদ্যালয়ৰ পৰা মুঠ ৮৮৮ জন ছাত্ৰ-ছাত্ৰী ২০২০ বৰ্ষৰ তৃতীয় সান্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হয় যদিও কেৱল ২৬০ জন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হয়। এই ক্ষেত্ৰত উত্তীৰ্ণৰ সংখ্যাত কৈ অনুত্তীৰ্ণৰ সংখ্যা অধিক হোৱাত কোকৰাঝাৰ বডোলেণ্ড বিশ্ববিদ্যালয়ে ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰে বিজনী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই।


No comments