Breaking News

মুকালমুৱাৰ ঘোগাত এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক।


ডিজিটেল সংবাদ, নলবাৰীঃ
 মুকালমুৱাৰ ঘোগাত এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক। ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা নিচাজাতীয় টেবলেট সহ নগদ ১৩ হাজাৰ টকা জব্দ।  মুকালমুৱাৰ আদাবাৰী পহৰা চকীৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক। আদাবাৰী পহৰা চকীৰ  I/C তৰণী দাসৰ নেতৃত্বত ঘোগাত অভিযান চলাই আটক কৰে সৰবৰাহকাৰীটোক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম চফিকুল ইছলাম। ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে নিচাজাতীয় টেবলেট সহ নগদ ১৩ হাজাৰ টকা জব্দ কৰে। ড্ৰাগছ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছ ব্যৱসায় কৰি আহিছিল।


No comments