Breaking News

‘নতুন সাহিত্য পৰিষদ, গোলাঘাট শাখা' আৰু ‘ইলোৰা বিজ্ঞান মঞ্চ, গোলাঘাট শাখা'ৰ উদ্যোগত ৰচনা প্রতিযোগিতা



    ‘নতুন সাহিত্য পৰিষদ, গোলাঘাট শাখা' আৰু ‘ইলোৰা বিজ্ঞান মঞ্চ, গোলাঘাট শাখাৰ উদ্যোগত অহা ১০ ডিচেম্বৰৰ ‘বিজ্ঞান মনষ্কতা দিৱস'ৰ লগত সংগতি ৰাখি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গোলাঘাট জিলা ভিত্তিত এখনি ৰচনা প্রতিযোগিতা আয়োজন কৰা হৈছে। “বিজ্ঞান মনষ্কতাৰ প্ৰয়োজনীয়তা' শীৰ্ষক ৰচনাৰ বিষয়ৰ ওপৰত অনুষ্ঠিত হ’বলগা ৰচনা প্ৰতিযোগিতাখনিৰ নিয়মাৱলী এনেধৰণৰ......

১। ৰচনাখন ১২০০ শব্দৰ ভিতৰত হ'ব লাগিব ।

২। ৰচনাখন বগা কাগজৰ এটা পৃষ্ঠাত, ক'লা চিয়াঁহীৰ কলমেৰে, নিকা আৰু নিজ হাতেৰে লিখিব লাগিব ।

৩। ২৫/১১/২০২২ তাৰিখৰ ভিতৰত গোলাঘাট ক'ৰ্ট ৰোডত থকা ‘গোলাঘাট শিশু ভৱনত পোৱাকৈ ৰচনাসমূহ পঠাব লাগিব ।

৪। ৰচনাখনৰ লগত প্ৰতিযোগীৰ নাম, পঢ়ি থকা শ্ৰেণী, বিদ্যালয়ৰ নাম আৰু সম্পূৰ্ণ ঠিকনা লিখি পঠাব লাগিব । ৫। ৰচনাসমূহ নিজ শিক্ষানুষ্ঠানৰ মূৰব্বীৰ দ্বাৰা প্ৰত্যায়িত কৰি পঠাব লাগিব ।

৬। বিজয়ীসকলক ১০/১২/২০২২ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া ‘বিজ্ঞান মনষ্কতা দিৱস'ৰ মুকলি সভাত পুৰস্কৃত কৰা হ'ব।

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ইলোৰা বিজ্ঞান মঞ্চ, গোলাঘাট শাখাৰ হৈ  সভাপতি ডাঃ কুমুদ কুমাৰ দত্ত, সম্পাদক ড° অমূল্য কুমাৰ বৰা আৰু নতুন সাহিত্য পৰিষদ, গোলাঘাট শাখাৰ  সভানেত্রী চফিয়া হুছেইন আৰু সম্পাদিকা চিত্রলেখা কলিতাই ।

    ইচ্ছুক প্ৰতিযোগীয়ে আগতীয়াকৈ ৮৬৩৮৫১৭১৭৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।

No comments