Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~দশম খণ্ড

                                                                       

                                                                                                               মালবিকা শৰ্মা, ভুবনেশ্বৰ

দুৰদৰ্শনৰ বাতৰিবোৰ চাই থাকিল ক’ব নোৱাৰাকৈয়ে মুৰৰ বিষ এটা উঠি আহে। কিমান প্ৰকাৰৰ যে অপকৰ্ম, কুঃকাণ্ড, হিংসা, চুৰি, ডকাইটি, ধৰ্মৰ নামত অত্যাচাৰ, হত্যা, প্ৰতিদিনৰ খবৰ হিচাপে ওলাই থাকে। সঁচাকৈ বুজি নাপাও, বেছিভাগ মানুহেই আজিকালি মানসিক ব্যাধিত ভুগি আছে নে কি? কিয়, কি দৰকাৰ? নিজেও ভালদৰে থাকা আৰু আনকো ভাল দৰে থাকিব দিয়া না। ধৰ্ম ধৰ্ম কৰি মৰা কিয়?  জাত-পাত লৈ কাজিয়া, মাৰপিট কৰি কি হ’ব। শ্মশানত জ্বলিয়েই হওক বা কবৰত শুইয়ে হওক,শেষত গৈ সেই মাটিতেই লীন হ’ব লাগিব। তাৰপিছত মাটিৰ তলত নিজৰ ধৰ্মৰ মানুহৰ সৈতেই থাকিব পাৰিবা বুলি কিবা নিশ্চয়তা আছে জানো?এইবোৰ অশান্তিৰ খবৰৰ লগতে আৰু এটা সচৰাচৰ পাই থকা অশান্তিৰ খবৰ হৈছে ৰেগিঙৰ খবৰবোৰ। কলেজ আৰু ইউনিভাৰ্চিটিবোৰত প্ৰায়েই ৰেগিং কৰা খবৰবোৰ আমি শুনি থাকো। চিনিয়ৰে জুনিয়ৰক ৰেগিং কৰাটো এটা পৰম্পৰাৰ দৰে হৈ আছে। চিনাকী পৰ্বত অলপ চলপ ধেমালি কৰাটো বেলেগ কথা। কিন্তু সাধাৰন ধেমালিৰ নামত শাৰীৰিক আৰু মানসিক অত্যাচাৰবোৰ অসহনীয়। ৰেগিং আৰু গুণ্ডাগিৰিৰ ফলত ভুক্তভোগীৰ হতাশা, উদ্বেগ, আঘাতৰ পিছৰ মানসিক চাপ বাঢ়ি যায় আৰু প্ৰচণ্ড অশান্তিত তেওঁলোকে থাকিবলগীয়া হয়।  ইয়াৰ ফলত তেওঁলোকৰ শিক্ষাগত মানদণ্ড কমি গৈ পৰীক্ষাৰ ফলাফল বেয়া হয় আৰু কৰ্মক্ষমতাৰো ক্ষতি হয়। বহুত ভুক্তভোগীয়ে আনকি নিৰাশ হৈ আত্মহত্যাৰ কথাও চিন্তা কৰে। ৰেগিং কৰাটো ধেমালিৰে আৰম্ভ হ’লেও ইয়াক সীমা পাৰ কৰিলে আঘাত লাগি ভুক্তভোগী জন গোটেই জীৱনৰ বাবে পঙ্গু হৈ থকা আনকি মৃত্যুও হোৱা খবৰবোৰে মনটো বিচলিত কৰি তোলে ।আজি ৰেগিঙৰ বিষয়ে প্ৰবন্ধ এটা পঢ়োতে পালোঁ যে  ভাৰত চৰকাৰে ৰেগিঙৰ গুণ্ডাগিৰি বন্ধ বা প্ৰতিৰোধৰ উদ্দেশ্যে “UGC Regulations on Curbing the Menace of Ragging in Higher Education Institutions, 2009” নামৰ এটা গাইডলাইন তৈয়াৰ কৰিছে যিটো সকলো কলেজ বা উচ্চ শিক্ষানুষ্ঠানতে প্ৰযোজ্য। ভুক্তভোগীয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত তেৰটা বিধানৰ সুবিধা ল’ব পাৰিব আৰু অপৰাধ সংঘটিত হোৱা অঞ্চলৰ অন্তৰ্গত আৰক্ষী থানাত এফ আই আৰ (প্ৰথম তথ্য প্ৰতিবেদন) পঞ্জীয়ন কৰিব পাৰিব।  ব্যক্তিজনে আইনৰ বিভিন্ন ভাৰতীয় ধাৰা প্ৰয়োগ কৰিব পাৰিব।এই আইনবোৰ কিমান কামত আহিছে নাজানো। মুঠতে এই দাদাগিৰি, গুণ্ডাগিৰিবোৰ অতি সোনকালে বন্ধ হ’ব লাগে। ৰেগিঙৰ নামত কিমান যে নিৰীহ ছাত্ৰ ছাত্ৰীৰ জীৱন নষ্ট হৈ আছে সেয়া বৰ চিন্তাজনক আৰু দুখ লগা। চৰকাৰে ৰেগিং কৰা সকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। কলেজ আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৰেগিঙৰ খবৰ পোৱাৰ লগেলগেই পুলিচৰ হাতত দুৰ্বৃত্তক গোটাই দিব লাগে। দুৰ্বৃত্তক কেইমাহমান পঢ়াৰ পৰা চাচপেণ্ড কৰিলেও একো লাভ নাই। এনে ধৰনৰ শাস্তি দিব লাগে যে ভৱিষ্যতলৈ এনে কুকাণ্ড কৰিবলৈ কোনেও দুঃসাহস নকৰে।

                                                                                                                                               (আগলৈ)

No comments