Breaking News

বৰবুকীয়াত দ্বীনি জলছাহৰ ব্যপক প্ৰস্তুতি।উক্ত ঠাইখনত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যায় বিভিন্ন অনুষ্ঠানত।



 ডিজিটেল সংবাদ, নলবাৰীঃ বৰবুকীয়াত দ্বীনি জলছাহৰ ব্যপক প্ৰস্তুতি।উক্ত ঠাইখনত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যায় বিভিন্ন অনুষ্ঠানত।নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰবুকীয়াত দ্বীনি জলছাহৰ ব্যপক প্ৰস্তুতি তুংগত উঠিছে। গাওঁৰ উদ্দমী যুৱক সকলৰ লগতে জেষ্ঠসকলৰ তৎপৰতাত ৪ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে আঞ্চলিক দ্বিনী তালিম মাদ্ৰাছা (বৰবুকীয়া) ৰ উদ্যোগত এয়োদশ বাৰ্ষিক দ্বিনী জলছাহ বৰবুকীয়া আঞ্চলিক ঈদগাহ ময়দানত  আয়োজন হৱ বুলি উদ্দ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।ৰাতিপুৱা ৭ বজাত পবিত্ৰ কোৰান খতম পাঠ,৭:৩০ বজাত পতাকা উত্তোলন,৮ বজাত বৃক্ষৰোপণ ,৯ বজাত কেৰাত প্ৰতিযোগিতা, ৰাতিপুৱা ১০ বজাত জিকিৰ আৰু গজল প্ৰতিযোগীতা,১১ বজাত কুইজ প্ৰতিযোগিতা,১২ বজাত মচনুন দোৱা প্ৰতিযোগিতা,২ বজাত বঁটা বিতৰণী আৰু ধৰ্মালোচনী সভাত সভপতিত্ব কৰিব হাফিজ ইউচুফ আলী (এম এম  চাহেব মোহতামিম আঞ্চলিক দ্বিনী তালিম মাদ্ৰাছা বৰবুকীয়া) মূখ্য আতিথি হিচাপে উপস্থিত থাকিব আলহাজ হজৰত মৌলানা শ্বেইখ ফখৰুদ্দিন আহমদ কাছিমী,(সদৰ কজী গুৱাহাটী কামৰূপ মেট্ৰ অসম চৰকাৰ ,সভাপতি কেন্দ্ৰীয় হিলাল কমিটী অসমৰ সভাপতি, সদৌ অসম চৰকাৰী কাজী সন্থা,সভাপতি জিলা জমিয়ত উলামায়ে হিন্দ কামৰূপ অসম)নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব  হজৰত হাফিজ মৌলানা  নুৰ আলম শইকীয়া(পেছ ইমাম পূৱ কালাকুছি বড় মছজিদ ও শিক্ষক  জ্ঞানদীপ জাতীয় বিদ্যালয় বালিকুছি)হাফিজ মৌলানা মোস্তুাকিম (নাজিৰী হেডমদাৰিছ আহমাদুল উলুম মাদ্ৰাছা কুমাৰীকাটা)।নিশা ১১ বজাত আখেৰি দোৱাৰে অনুষ্ঠাৰ সফল সামৰণি ঘটিব বুলি সভাপতি তাইজুদ্দিন আহমেদৰ লগতে পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

No comments