Breaking News

নুমলীগড়ত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ সর্বাত্মক প্ৰভাৱ

 


ডিজিটেল সংবাদ, নুমলীগডঃ নুমলীগড়ত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ সর্বাত্মক প্ৰভাৱ ৷ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আহ্বান জনোৱা অসম বন্ধৰ সর্বাত্মক প্ৰভাব পৰা দেখা গ’ল । নুমলীগড়কে ধৰি দাঁতি কাষৰীয়া অঞ্চল সমুহত ৷ প্ৰায় সংখ্যক দোকান বজাৰ বন্ধ থকাৰ বিপৰীতে ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচল সেৰেঙা হোৱা পৰিলক্ষিত হয় ৷ নুমলীগড়ত আটছা ( স্বতন্ত্ৰ ) ৰ নেতা নুৰুল আলিৰ নেতৃত্বত বন্ধ সমৰ্থকে অসম  বন্ধৰ সফল ৰূপায়ণ কৰাৰ আহ্বান জনোৱাৰ লগতে শীঘ্ৰেই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনায় ৷ অন্যথা ছয় জনগোষ্ঠী যৌথ মঞ্চই ইয়াতকৈও ভয়াবহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে ৷

No comments